চলিত আই পি এল ছীজনৰ ১৭ সংখ্যক মেচত দিল্লী কেপিটেলছৰ হাতত ২৫ ৰানত পৰাস্ত হৈছে চেন্নাই ছুপাৰ কিংছ। মেচখনত পৰাস্ত হ’লেও এম এছ ধোনীৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ।
উল্লেখ্য যে মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰিছিল, তাৰ পিছত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত মাত্ৰ ১৫৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
২৫ ৰানত পৰাস্ত হোৱা মেচখনত ধোনীয়ে ২৬টা বলত ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে বিজয় শংকৰে ৫৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
এই দুজন বেটাৰে দলক জয়ী কৰোৱাবলৈ সক্ষম নহ’লেও ধোনীয়ে এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এলৰ ইতিহাসত চেপউকত ১৫০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে এম এছ ধোনী।
এই পৰ্যন্ত চেন্নাইৰ চেপউকত মুঠ ১৫০৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ধোনী। এই খেলপথাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হোৱাৰো কৃতিত্ব অৰ্জন কৰে ধোনীয়ে।
এই তালিকাৰ দ্বিতীয় স্থানত আছে সুৰেশ ৰাইনা। আই পি এলত ৰাইনাই চেপউক ষ্টেডিয়ামত মুঠ ১৪৯৮ ৰান সংগ্ৰহ কৰিছে। উল্লেখ্য যে, আই পি এল ইতিহাসত এখন ষ্টেডিয়ামত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে বিৰাট কোহলী। কোহলীয়ে এই পৰ্যন্ত বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ৩০৪৭ ৰান সংগ্ৰহ কৰিছে। আনহাতে দ্বিতীয় স্থানত থকা ৰোহিত শৰ্মাই ৱাংখেড়ে ষ্টেডিয়ামত সংগ্ৰহ কৰিছে ২৩০৮ ৰান।
আই পি এলত এখন ষ্টেডিয়ামত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ
৩,০৪৭ – বিৰাট কোহলি, চিন্নস্বামী
২,৩০৮ – ৰোহিত শৰ্মা, ৱাংখেড়ে
১,৯৬০ – এ বি ডি ভিলিয়াৰ্ছ, চিন্নাস্বামী
১,৬২৩ – ডেভিড ৱাৰ্নাৰ, হায়দৰাবাদ
১,৫৬১ – ক্ৰীছ গেইল, চিন্নাস্বামী
১,৫০৯* – এম এছ ধোনী, চেপউক
১,৪৯৮ – সুৰেশ ৰাইনা, চেপউক