সোঁহতীয়া বেটছমেন হেৰী ব্ৰুকক ইংলেণ্ডৰ পুৰুষ দলৰ বগা বলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। জোছ বাটলাৰৰ ঠাইত ব্ৰুকক এই দায়িত্ব প্ৰদান কৰিছে। ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফীত ইংলেণ্ডৰ শোচনীয় প্ৰদৰ্শনৰ পিছতে বাটলাৰে অধিনায়কত্ব ত্যাগ কৰিছিল।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত আঘাতপ্ৰাপ্ত বাটলাৰৰ ঠাইত ইংলেণ্ডক প্ৰথমবাৰৰ বাবে নেতৃত্ব প্ৰদান কৰিছিল ব্ৰুকে। ব্ৰুক ২০১৮ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱা আইচিচি ১৯ অনুৰ্ধ পুৰুষৰ বিশ্বকাপতো ইংলেণ্ডৰ অধিনায়কত্ব কৰিছিল।
অধিনায়কত্ব লাভ কৰাৰ সন্দৰ্ভত ব্ৰুকে কয়, ‘ইংলেণ্ডৰ বগা বলৰ অধিনায়ক হিচাপে মোক নিৰ্বাচন কৰাটো মোৰ বাবে সন্মান। ৱাৰ্ফেডেলৰ বাৰ্লিত ক্ৰিকেট খেলাৰ পৰাই মই ইয়ৰ্কশ্বাৰক প্ৰতিনিধিত্ব কৰাৰ লগতে ইংলেণ্ডৰ হৈ খেলিবলৈ আৰু হয়তো এদিন দলক নেতৃত্ব দিয়াৰ সপোন দেখিছিলো। মই মোৰ পৰিয়াল আৰু প্ৰশিক্ষকসকলক ধন্যবাদ দিব বিচাৰো যিসকলে মোক প্ৰতিটো খোজতে সহায় কৰিছে।’
২৬ বছৰীয়া ব্ৰুকে ২০২২ চনত অভিষেক কৰাৰ পিছৰে পৰা ইংলেণ্ড দলৰ অভিন্ন অংগ হৈ আহিছে। বৰ্তমান টেষ্ট ৰেংকিঙত তেওঁ আছে দ্বিতীয় স্থানত। এতিয়ালৈকে ব্ৰুকে ২৬ খন এদিনীয়া মেচ খেলি ৩৪ গড়ে ৮১৬ ৰান সংগ্ৰহ কৰিছে।
ইয়াৰ উপৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৪৪ খন। টি-২০ত তেওঁৰ সৰ্বাধিক স্ক’ৰ হৈছে ৮১।