মহাৰাষ্ট্ৰত ঔৰংগজেৱক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পৰা নাই। এতিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ চৰকাৰৰ মন্ত্ৰী সঞ্জয় শিৰছাটে খুলতাবাদ চহৰৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে চৰকাৰে ঔৰংগাবাদৰ নাম সলনি কৰি সম্ভাজিনগৰ কৰিছিল।
মহাৰাষ্ট্ৰত ঔৰংগজেৱক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে দেৱেন্দ্ৰ ফাড়নৱীছ চৰকাৰৰ এজন মন্ত্ৰীয়ে খুলতাবাদ চহৰৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী সঞ্জয় শিৰছাতে মোগল সম্ৰাট ঔৰংজেৱৰ সমাধিস্থল থকা খুলতাবাদ চহৰৰ নাম ৰত্নপুৰ ৰখা হ’ব বুলি মন্তব্য কৰিছে।
ছত্ৰপতি সম্ভাজিনগৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ খুলতাবাদৰ পৰা ঔৰংগজেৱৰ সমাধি আঁতৰোৱাৰ দাবী জনাই আহিছে সামাজিক ন্যায় মন্ত্ৰীৰ লগতে আন একাংশ ৰাজ্যিক নেতা আৰু সোঁপন্থী সংগঠনে। ঔৰংগজেৱ, তেওঁৰ পুত্ৰ আজম শ্বাহ, নিজাম আছাফ জাহ আদি বহু লোকৰ সমাধিস্থল এই অঞ্চলটোত অৱস্থিত।
বিগত মাহৰ আৰম্ভণিতে সঞ্জয় শিৰছাটে কৈছিল যে, ছাত্রপতি সম্ভাজী মহাৰাজক অত্যাচাৰ কৰি হত্যা কৰা নিষ্ঠুৰ সম্ৰাট ঔৰংগজেৱৰ সমাধিৰ বাবে মহাৰাষ্ট্ৰত কোনো স্থান নাই। বিগত সপ্তাহত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিৰছাটে কৈছিল যে, ছাত্রপতি সম্ভাজিনগৰ পূৰ্বতে খাদকী নামেৰে জনাজাত আছিল আৰু পিছলৈ ঔৰংগাবাদ নামেৰে নামাকৰণ কৰা হয়।
শিৱসেনাৰ নেতাজনে কয় যে,খুলতাবাদ পূৰ্বতে ৰত্নপুৰ নামেৰে জনাজাত আছিল। ঔৰংগজেৱৰ ৰাজত্বকালত বহু ঠাইৰ নাম সলনি কৰা হৈছিল। তেওঁলোকে খুলতাবাদৰ নাম সলনি কৰি ৰত্নপুৰ কৰিবলৈ ওলোৱা বুলি জানিবলৈ দিয়ে।