১০ এপ্ৰিলত মুক্তি পোৱা ছানী দেউলৰ ছবি জাট মুক্তিৰ লগে লগে বক্স অফিচত বহু উপাৰ্জনৰ অভিলেখ ভংগ কৰে। গাদাৰ ২ৰ ২ বছৰৰ পিছত ছবিগৃহলৈ অহা ছানি দেউলৰ একচন হিৰো ইমেজক পুষ্পা ২ৰ দৰে ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰা প্ৰডাকচন হাউছ মৈথ্ৰী মুভি মেকাৰে ভালদৰে পৰিচালনা কৰিছে।
জাটৰ মুকলি, পৰ্যালোচকৰ মৰম আৰু ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে আকৌ এবাৰ ছানী দেউলে বক্স অফিচত নতুন অভিলেখ গঢ়িবলৈ ওলাইছে।
২৫ বছৰৰ ইতিহাসলৈ চালে যদিও ছানী দেউলৰ বৰ্তমানৰ ছবিবোৰৰ অৱস্থা যথেষ্ট হতাশাজনক, কিন্তু এই ছবিখনে সফলতাৰ শিখৰলৈ যাব বুলি আশা কৰা হৈছে।
২৫ বছৰত ছানী দেউলৰ ছবিৰ সফলতাৰ হাৰ-
বিগত ২৫ বছৰৰ ভিতৰত ছানী দেউলৰ ৩৭ সংখ্যক ছবি হৈছে জাট। ইয়াৰ পূৰ্বে তেওঁ কৰা ৩৬খন ছবিৰ ভিতৰত ৩১খন ছবি ফ্লপ আৰু মাত্ৰ ৫খন ছবি হিট বা ব্লকবাষ্টাৰ আছিল। তেওঁৰ সফলতাৰ হাৰ হিচাপ কৰিলে তেওঁৰ ৮৬ শতাংশতকৈ অধিক ছবি ফ্লপ হৈছে। আনহাতে প্ৰায় ১৩ৰ পৰা ১৪ শতাংশ ছবিহে হিট হৈছে।
তেওঁৰ হিট বা ব্লকবাষ্টাৰ ছবিবোৰ হৈছে- গড্ডাৰ (২০০১), ইণ্ডিয়ান (২০০১), অপনে (২০০৭), য়মলা পগলা দীৱানা (২০১১), গড্ডাৰ ২ (২০২৩)
ইফালে প্ৰথম দিনাই বক্স অফিচত জাটে ১০ কোটি টকা সংগ্ৰহ কৰিলে। প্ৰায় ১০০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ছবিখনে সপ্তাহটোৰ শেষৰ ফালে বাজেটৰ আধাতকৈও অধিক ধন আদায় কৰিব বুলি আশা কৰা হৈছে।
ছানী দেওলৰ এই ছবিখনৰ পিছত বহু ছবিৰ মুক্তি হ’বলৈ গৈ আছে। ইয়াৰে আটাইতকৈ প্ৰত্যাশিত ছবিখন হৈছে আমিৰ খান প্ৰডাকচনৰ অধীনত নিৰ্মিত লাহোৰ ১৯৪৭ চনৰ ছবিখন। ইয়াৰ পিছত বৰ্ডাৰ ২ৰ দৰে আন এখন ডাঙৰ ছবিও তেওঁৰ হাতত আছে।