ৱাকফ সংশোধনী আইনক লৈ দেশজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। মুছলমান লোকসকলে এই আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পশ্চিম বংগত। হিংসাত্মক প্ৰতিবাদত দুজন লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰো আহিছে।
দেশৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক ডাঙৰ দাবী কৰিছে। তেওঁ কয় যে অসমত প্ৰতিবাদ বহু কম হৈছে আৰু ৰাজ্যত শান্তি-সম্প্ৰীতি অটুট আছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ জনসংখ্যাৰ প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানত প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে ডেৰশতকৈ কম লোকেহে অংশ লৈছে। অসমৰ শান্তি শৃংখলা অটুত ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে আৰু অতি সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে পালন কৰাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছো।
সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কৰা প’ষ্টটোত তেওঁ আৰু কয় যে অসমত এতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে ৰাইজে একত্ৰ হৈ আমাৰ প্ৰাণৰ ব’হাগ বিহুটিক আনন্দ-উলাহ আৰু সম্প্ৰীতিৰে আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাইছে।
উল্লেখ্য দেশৰ উচ্চ সদন আৰু নিম্ন সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত অৰ্থাত ৫ এপ্ৰিলত এই বিধেয়কখনক ৰাষ্ট্ৰপতিয়ে মঞ্জুৰি প্ৰদান কৰে। আইনত পৰিণত হোৱাৰ পিছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত মুছলিম দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই আইনখন প্ৰত্যাহাৰৰ দাবীত বিভিন্ন পক্ষই সৰ্বোচ্চ ন্যায়ালয়ত আবেদনো দাখিল কৰিছে।