বিৰোধী দল অবিহেন গণতন্ত্ৰ বৰ্তি থাকিব নোৱাৰে। গণতন্ত্ৰত বিৰোধী দলৰ অতিকৈ প্ৰয়োজন। বিৰোধীয়ে চৰকাৰৰ দোষ-ক্ৰটিবোৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰে। অৱশ্যে, বিৰোধী শূন্য হ’ল উত্তৰ-পূবৰে এখন ৰাজ্যত। ৩২ খন আসন থকা ৰাজ্যখনত ৩২ গৰাকী বিধায়কে হ’ল চৰকাৰীপক্ষৰ।
শেহতীয়াকৈ এজন বিৰোধী নেতা থকা বিধায়কজনে চৰকাৰৰ সৈতে হাত মিলোৱাৰ লগে লগে বিৰোধী শূন্য হ’ল ৰাজ্যখনত।
বিৰোধী শূন্য ৰাজ্যখন হ’ল উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য ছিকিম। ২ জুনত ছিকিম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। ঘোষণা কৰা ফলাফলত ৩২ খন আসনৰ ৩১ খন আসনতে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে, একমাত্ৰ বিৰোধী নেতা হিচাপে ২৩ নং চায়াৰী সমষ্টিৰ পৰা ছিকিম ডেম’ক্ৰেটিক ফন্ট দলৰ পৰা টেনজিং নৰবু লামথা জয়ী হৈছিল।
শেহতীয়াকৈ ২৩ নং চায়াৰী সমষ্টিৰ পৰা টেনজিং নৰবু লামথাই ছিকিম ক্ৰান্তিকাৰী মৰ্চাত যোগদান কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন ছামলিং নেতৃত্বাধীন এছডিএফ বিধায়ক হিচাপে ছিকিম বিধান সভালৈ নিৰ্বাচিত হোৱা টেনজিং নৰবু লামথাই মঙলবাৰে ছিকিম ক্ৰান্তিকাৰি মৰ্চাত যোগদান কৰে।
ইফালে, সমষ্টি উন্নয়নৰ স্বাৰ্থতে শাসকীয় দল ছিকিম ক্ৰান্তিকাৰি মৰ্চা দলত যোগদান কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।