সম্প্ৰতি পাকিস্তান ক্ৰিকেট দলৰ পৰা বাহিৰত থকা অভিজ্ঞ বেগী বলাৰ হাছান আলীয়ে পাকিস্তান ছুপাৰ লীগত ইতিহাস সৃষ্টি কৰিছে। ১৮ এপ্ৰিলত কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত কৰাচী কিংছ আৰু কুৱেটা গ্লেডিয়েটৰছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ডেভিড ৱাৰ্নাৰৰ নেতৃত্বাধীন কৰাচীয়ে ৫৬ ৰানত জয়লাভ কৰিবলৈ সক্ষম হয়।
এই মেচখনৰ হিৰ’ আছিল কৰাচীৰ হাছান আলী। তেওঁ চাৰি অভাৰত ২৭ ৰান খৰচ কৰি তিনিটা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ পি এছ এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে।
হাছান আলীৰ পূৰ্বে এই অভিলেখ আছিল প্ৰাক্তন পাকিস্তানী বেগী বলাৰ ৱাহাব ৰিয়াজৰ নামত। যিয়ে ২০১৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৮৮খন মেচত ১১৩টা উইকেট দখল কৰিছিল। ইফালে শুকুৰবাৰে হাছান আলীয়ে তিনিটা উইকেট লাভ কৰাৰ পিছতে পি এছ এল ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী বলাৰত পৰিণত হয়। হাছান আলীয়ে এই পৰ্যন্ত ১১৬টা উইকেট দখল কৰিছে।
২০১৬ চনৰ পৰা পি এছ এল খেলা আৰম্ভ কৰা হাছান আলীয়ে এইপৰ্যন্ত খেলিছে ৮৫খন মেচ। ৩০ বছৰীয়া আলীয়ে লাভ কৰিছে ১১৬টা উইকেট।