লাখ-লাখ লোকৰ যাতায়াত সুলভ আৰু সুগম কৰাৰ লক্ষ্যৰে কামৰূপৰ আমিনগাঁও, শিঙিমাৰী, তীৰ্থ ভূমি হাজো হৈ বৰপেটালৈ নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণক লৈ এতিয়া সৰৱ হৈ পৰিছে উত্তৰ কামৰূপ জিলা হিন্দু জাগৰণ মঞ্চৰ লগতে সনাতনী জাগ্ৰত প্ৰহৰী।
এই দুয়োটা সংগঠনে আজি হাজোত এক সংবাদমেল সম্বোধন কৰি প্ৰস্তাৱিত পথচোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে যদিও সৰব হৈ পৰিল লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাসৰ বিৰুদ্ধে।
সংবাদমেলৰ জৰিয়তে হিন্দু জাগৰণ মঞ্চই অভিযোগ উত্থাপন কৰে যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথচোৱা মূল হাজোক স্পৰ্শ নকৰাকৈ মুখ্য অভিযন্তা দেৱজিৎ দাসে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অভয়পুৰৰ পৰা বাইপাছ কৰি ৪ নং বাগটা গাঁৱৰ মাজেৰে নি কলিতাকুছি চʼকত সংযোজিত কৰাৰ প্ৰস্তুতি চলাইছে।
অভয়পুৰৰ পৰা বাইপাছ হ’বলগীয়া পথচোৱাত মুখ্য অভিযন্তা দেৱজিৎ দাসৰ পত্নী আৰু পৰিয়ালৰ নামত কেইবাবিঘা ভূমি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিন্দু জাগৰণ মঞ্চই।

উল্লেখ্য যে, যদিহে পত্নী আৰু পৰিয়ালৰ নামত থকা ভূমিখিনিৰ সমীপৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিব পাৰে তেন্তে মুখ্য অভিযন্তা দেৱজিৎ দাসে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। সেয়ে প্ৰস্তাৱিত পথচোৱা অভয়পুৰ হৈ কলিতকাকুছিলৈ বাইপাছ কৰাৰ বাবে মুখ্য অভিযন্তাগৰাকীয়ে উঠি পৰি লগা বুলি সংগঠন দুটাই অভিযোগ উত্থাপন কৰে।
আনহাতে হাজোৰ ৰাইজৰ আবেগক জলাঞ্জলি দি ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মাধৱ মন্দিৰলৈ যোৱা উপ পথ স্পৰ্শ নকৰাকৈ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কৰিব খোজা কাৰ্যক গৰিহণা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ কৰি নিঃস্বাৰ্থ কমিটি এখন গঠন কৰি বিষয়টো নিষ্পত্তি কৰাৰ দাবী জনাই উত্তৰ কামৰূপ জিলা হিন্দু জাগৰণ মঞ্চৰ লগতে সনাতনী জাগ্ৰত প্ৰহৰীয়ে।
ইনপুট : মিণ্টু কলিতা (হাজো)