দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবনত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বানৰ সৃষ্টি হয়। বানে চলোৱা ধ্বংস লীলা দেখি এতিয়া দেশৰ সাধাৰণ জনতা হতচকিত হৈ পৰিছে। সম্প্ৰতি জম্মু-কাশ্মীৰ আৰক্ষী, এন ডি আৰ এফৰ লগতে আন কেইবাটাও উদ্ধাৰকাৰী দলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে।
হঠাতে হোৱা এই পৰিস্থিতিক লৈ এতিয়া চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে আন আন দায়িত্বত থকা শীৰ্ষ প্ৰশাসনিক বিষয়াসকল। ইফালে নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই ঘটনাত দুখ প্ৰকাশ কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সহায় আৰু ক্ষতিপূৰণ বিচাৰিছে।
ফাৰুক আব্দুল্লাই সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি, ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানে ভয়াৱহ ক্ষতি কৰিছে ৰামবনত। এই ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে। সুৰংগৰ কাষত থকা এখন দলং ভাঙি পৰিছে। আন আন প্ৰান্ততো বহু ক্ষতি হৈছে।
তেওঁ কয়, ‘এয়া এক দুৰ্যোগ আৰু আমি সকলো সম্ভৱপৰ সহায় আগবঢ়াম। আমি কেন্দ্ৰক এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ আৰু কিছু পৰিমাণে লোকচানৰ ক্ষতিপূৰণ দিবলৈও অনুৰোধ কৰিছো।’
জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ সময়তে হোৱা ভূমিস্খলনৰ ফলত বিভিন্ন প্ৰান্তত ৰাজপথ বন্ধ হৈ পৰাৰ লগতে বহু গাড়ী আৰু লোক আৱদ্ধ হৈ আছে। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু আন আন উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে।
ইফালে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই দেওবাৰে কয় যে কিছুদিনৰ পৰা ৰামবন জিলাত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে হঠাতে হোৱা ভয়ংকৰ বানত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানি অত্যন্ত দুঃখিত হৈছো।
আনহাতে ৰামবন জিলাৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ বাবে ৰাজপথ, ঘৰ-দুৱাৰ আদিৰ বিস্তৰ ক্ষতি হৈছে। তিনিজৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰিছে। ভূমিস্খলন আৰু ৰাজপথত জমা হোৱা শিল-মাটিৰ বাবে কেইবাটাও স্থানত যাতায়াত স্তব্ধ হৈ পৰিছে।