গুজৰাটৰ আহমেদাবাদত ১০০ কোটি টকাৰ ৱাকফ সম্পত্তি কেলেংকাৰিত ৫ অভিযুক্তক গ্ৰেপ্তাৰ হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জামালপুৰ অঞ্চলৰ কাঞ্চ নি মছজিদ আৰু শ্বাহ বদা কাছাম ট্ৰাষ্টৰ সম্পত্তিৰ পৰা কোটি কোটি টকাৰ ভাড়া অবৈধভাৱে সংগ্ৰহ কৰিছিল অভিযুক্তই।
দৰাচলতে গুজৰাটৰ জামালপুৰত ৱাকফ সম্পত্তি মছজিদ ট্ৰাষ্টৰ ট্ৰাষ্টীয়ে এই ট্ৰাষ্টৰ মাটিত অৱস্থিত প্ৰায় ২৫ৰ পৰা ৩০ খন দোকানৰ পৰা অবৈধভাৱে ভাড়া সংগ্ৰহ কৰিছিল। একে সময়তে বিষয়াসকলে প্ৰকাশ কৰে যে, এই লোকসকলে ১৫টা আৱাসিক সম্পত্তি, প্ৰায় ২০০টা ঘৰৰ পৰা ভাড়াও সংগ্ৰহ কৰি আছিল। দাবী কৰা হৈছে যে, এই লোকসকলে অবৈধভাৱে প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰিছে।
উল্লেখ্য যে, এই অভিযুক্তকেইজনক চেলিম খান পাথান, মহম্মদ ইয়াছাৰ শ্বেখ, মাহমুদ খান পাথান, ফৈজ মহম্মদ জবদাৰ আৰু শ্বাহিদ আহমেদ শ্বেখ বুলি চিনাক্ত কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে এই অভিযুক্তসকলে পূৰ্বতে প্ৰতি ঘৰৰ পৰা ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা আৰু প্ৰতিখন দোকানৰ পৰা ১০ হাজাৰ টকা সংগ্ৰহ কৰিছিল। লগতে, অভিযুক্তই শ্বাহ বাদা কাছিম ট্ৰাষ্টৰ দান বাকচৰ পৰা প্ৰতিমাহে প্ৰায় ৫০ হাজাৰ টকা উলিয়ায় বুলি সন্দেহ কৰা হৈছে। মন কৰিবলগীয়া যে গুজৰাট ৱাকফ ব’ৰ্ডৰ পৰা আনুষ্ঠানিক নিযুক্তি নথকা সত্ত্বেও তেওঁলোকে ভাড়াতীয়া আৰু দোকানীৰ পৰা ভাড়া সংগ্ৰহ কৰি আহিছিল।
উল্লেখযোগ্য যে, প্ৰায় দুটা দশক ধৰি চলি থকা এই কাৰ্য গেকৱাড হাভেলী থানাত অভিযোগ দাখিলৰ পিছত পোহৰলৈ আহে। দাবী কৰা হৈছে যে, ৱাকফ ব’ৰ্ডে উৰ্দু বিদ্যালয় নিৰ্মাণৰ বাবে আহমেদাবাদ পৌৰ নিগমক এই মাটি আবণ্টন দিছিল।