ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ (আই পি এল)ৰ এখন ৰোমাঞ্চকৰ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। এতিয়া আৰম্ভ হৈছে বিতৰ্ক।
ৰাজস্থান ৰয়েলছৰ পৰাজয়ক লৈ উত্থাপন হৈছে মেচ ফিক্সিঙৰ অভিযোগ। ৰাজস্থান ক্ৰিকেট সন্থাৰ তদন্ত সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে কয় যে এই খেলখনত নিশ্চিতভাৱে কিবা এটা ভুল হৈছে।
মেচখনৰ কথা ক’বলৈ গ’লে ৰাজস্থানে ১৮১ ৰানৰ লক্ষ্য লৈ আগবাঢ়িছিল আৰু শেষৰ অভাৰত জয়ী হ’বলৈ মাত্ৰ ৯ ৰানৰ প্ৰয়োজন হৈছিল, সেইটোও যেতিয়া তেওঁলোকৰ ৬ উইকেট বাকী আছিল। কিন্তু লক্ষ্ণৌৰ বলাৰ আৱেশ খানে উজ্জ্বল বলিং কৰাৰ লগতে ৰাজস্থানে ২ ৰানত পৰাস্ত হয়। এই পৰাজয়ৰ পিছতেই ৰাজস্থান দলৰ ওপৰত প্ৰশ্ন উত্থাপন হয়।
এই পৰাজয়ক লৈ সন্দেহ কৰিছে জয়দীপ বিহানীয়ে। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে, এই দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল। এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে, ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু যাৰ বাবে দলটোৰ ইতিহাস কিছু বিতৰ্কিত।
তেওঁ লগতে অভিযোগ কৰে যে, এই ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে বেটিঙৰ গোচৰত ধৰা পৰিছিল আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইবাৰো বিহানীয়ে বিচিচিআইৰ পৰা দাবী জনাইছে যে, এই বিষয়টোৰ তদন্ত হ’ব লাগে।
ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰে যে, ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল। তেওঁ কয় যে, স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে।
অৱশ্যে শেষ অভাৰত ৰাজস্থানে পৰাজয়ৰ সন্মুখীন হোৱাটো এইটো প্ৰথম নহয়, ইয়াৰ পূৰ্বেও দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৯ ৰান সংগ্ৰহ কৰিব নোৱাৰি ছুপাৰ অভাৰত মেচখন পৰাস্ত হয়। এই পৰ্যন্ত ৰাজস্থানে ৮খন খেলৰ ভিতৰত মাত্ৰ ২খন খেলত জয়লাভ কৰি পইণ্ট তালিকাত অষ্টম স্থানত আছে। তেওঁলোকৰ পৰৱৰ্তী মেচ ২৪ এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে হ’ব।