মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ পহলগাম অঞ্চলত এটা পৰ্যটকৰ দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ। এই আক্ৰমণত এজন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন পৰ্যটক আহত হোৱাৰ খবৰ আহিছে। এই নৃশংস কাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থললৈ নিৰাপত্তাৰক্ষীৰ লগতে স্বাস্থ্য কৰ্মীৰ দল ৰাওনা হৈছে।
পহলগামৰ বৈসাৰণ উপত্যকাৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছে। এই অঞ্চলত কেৱল খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। জানিব পৰা অনুসৰি, সন্ত্ৰাসবাদীৰ দলটো ছদ্মবেশত আছিল আৰু পৰ্যটকক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি অনুমান কৰা হৈছে।
সম্প্ৰতি সমগ্ৰ এলেকাটো নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি লৈ সন্ত্ৰাসবাদী কেইজনৰ বিৰুদ্ধে অভিযান চলাই আছে। বৰ্তমানলৈকে সন্ত্ৰাসবাদীৰ কোনো শু-সূত্ৰ লাভ কৰা নাই অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলে।
ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে অঞ্চলটোলৈ পৰ্যটকৰ অহা যোৱা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। ঘটনাক কেন্দ্ৰ কৰি পৰ্যটকসকল সন্ত্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
বনাঞ্চল, স্ফটিক স্বচ্ছ হ্ৰদ আৰু বিস্তৃত ঘাঁহনিৰ বাবে পৰিচিত পহলগাঁও পৰ্যটনৰ বাবে অতিকৈ জনপ্ৰিয় স্থান।