মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নৃশংশ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গুলাম নবী আজাদে। সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ৩০ জনতকৈ অধিক পৰ্যটক নিহত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে ইয়াক পাকিস্তানৰ সেনাৰ কুকৰ্ম বুলি অভিহিত কৰে।
তেওঁ কয় যে যেতিয়াই পাকিস্তানৰ চৰকাৰ দুৰ্বল হৈ পৰে তেতিয়াই তাত থকা সেনাই ভাৰতৰ প্ৰাসংগিকতা বজাই ৰাখিবলৈ এনেধৰণৰ আক্ৰমণ চলায়। তেওঁ দেশবাসীক এই আক্ৰমণক একেলগে যুঁজিবলৈ আহ্বান জনায়।
তেওঁ লগতে এই আক্ৰমণৰ পিছত যদি হিন্দু আৰু মুছলমান বুলি যুঁজ দি থাকো তেন্তে এয়া পাকিস্তানৰ বাবে বিজয় হ’ব বুলিও তাতপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ লগতে কয়, ‘জম্মু-কাশ্মীৰৰ মানুহে পৰ্যটনৰ পৰাই জীৱিকা উপাৰ্জন কৰে। পৰ্যটকৰ ওপৰত এই আক্ৰমণ পাকিস্তান আৰু পাকিস্তান সেনাই পঠোৱা লোকৰ দ্বাৰা সংঘটিত হৈছে। এইটো কাশ্মীৰীৰ জীৱিকা কাঢ়ি নিয়াৰ প্ৰয়াস। কাশ্মীৰত নিৰস্ত্ৰ পৰ্যটকক আক্ৰমণ কৰি হত্যা কৰি তেওঁলোকে নিজৰ বিৰত্ব দেখুৱাব বিচাৰিছে। বিগত এক-দুবছৰত জম্মুত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত হৈ আহিছে। কিন্তু তাৰ দুগুণ প্ৰতিশোধ লৈছে তাত থকা নিৰাপত্তা বাহিনীয়ে। এতিয়া যেতিয়া তেওঁলোকৰ নিৰাপত্তা বাহিনীক আক্ৰমণ কৰাৰ সাহস নাই, তেতিয়া তেওঁলোকে বাহিৰৰ পৰা দৰ্শন কৰিবলৈ অহা নিৰস্ত্ৰ পৰ্যটকক লক্ষ্য কৰি লৈছে।’
তেওঁ কয় যে এই আক্ৰমণক লৈ প্ৰতিজন কাশ্মীৰীৰ হৃদয় শোকত ভাগি পৰিছে। পাকিস্তানী সন্ত্ৰাসবাদীৰ এই কাৰ্যক সকলোৱে গৰিহণা দিছে।