জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত ২৮ গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুওৱা ঘটনাক লৈ উত্তাল হৈ আছে দেশ। দেশৰ ভিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ হাজোতো এই নৃশংস কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
পাকিস্তানী পতাকা দাহ কৰি হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে হাজোৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
হাজোৰ পাখামেলাত পথ অৱৰোধ কৰি হাতে হাতে প্লেকাৰ্ড লৈ হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ইয়াৰ উপৰি পকিস্তানী সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে।
পাকিস্তানী পতাকা দাহ কৰাৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ পুত্তলিকাও দাহ কৰিলে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে।
উল্লেখ্য যে, ২২ এপ্ৰিল অৰ্থাত মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত একাংশ ইছলামিক সন্ত্ৰাসবাদীয়ে হিন্দু ধৰ্মাৱলম্বী পৰ্যটকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত ২৮ গৰাকীকৈ পৰ্যটকে কৰুণ মৃত্যুক আকোৱালি লৈছে।
ইফালে এই আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কোনো পাকিস্তানী নাগৰিকক ভিছা প্ৰদান কৰা নহয়। সিন্ধু জল চুক্তি বাতিল। দূতাবাস বন্ধ। এইধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে।