হাজোৰ সাতদলাত উত্তপ্ত পৰিস্থিতি। এটা নিচামুক্তি কেন্দ্ৰত এজন ৰোগীক স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। শুকুৰবাৰে কেন্দ্ৰটোত আক্ৰমণৰ বলি হৈছিল ৰোগীজন।
মুমুৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে যুৱকজনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱাইছিল চিকিৎসালয়ত। তাৰ পাছতে আজি নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈ থকা ১৩ জনকৈ ৰোগীয়ে কেন্দ্ৰটোৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে মূল দুৱাৰৰ তলা ভাঙি পলায়ন কৰে।
ৰোগীসকলক দৈনিক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে, এই নিচা মুক্তি কেন্দ্ৰত চিকিৎসাৰ কথা শুনিলে আপুনিও আচৰিত হ’ব। কিয়নো নিচা মুক্তি কেন্দ্ৰটোত আছে মুন্নাভাই MBBSৰূপী চিকিৎসক।
অসুখ বা বেমাৰ যিয়েই নহওক কিয় সাতদলাৰ এই নিচামুক্তি কেন্দ্ৰত আছে তেনে ধৰণৰণৰেই চিকিৎসক। জনৈক জিতু, আফচাৰ আৰু বিক্ৰম মালিকানাধীন সাতদলাৰ এই নিচা মুক্তি কেন্দ্ৰটোৰ গৰাকী। কেন্দ্ৰটোৰ মালিক হোৱাৰ উপৰিও তিনিগৰাকীয়েই হৈছে মুন্নাভাই ৰূপী চিকিৎসক।
কেন্দ্ৰটোত থকা ৰোগীসকলক যিকোনো বেমাৰৰ বেজি দিয়াত পাৰ্গত জিতু, আফচাৰ আৰু বিক্ৰম। এই লোক তিনিজনৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰাণৰ মমতাত কেন্দ্ৰটোত থকা লোকসকলে পলায়ন কৰা বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে।
ধন ঘটাৰ লালসাৰে ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ নিচা মুক্তি কেন্দ্ৰত এতিয়া এনেদৰেই চলিছে মইমতালি।