ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীলৈ ই-মেইলযোগে আহিছে মৃত্যুৰ ভাবুকি। এই ভাবুকি দিয়া ব্যক্তিজনে ১ কোটি টকাৰ দাবী জনায়। এই মেইলটো প্ৰথমে ছামীৰ জ্যেষ্ঠ ভাতৃ মহম্মদ হাছিবে দেখ আৰু তেওঁ লগে লগে আমৰোহা আৰক্ষীক এই বিষয়ে অৱগত কৰে।
ছামীয়ে প্ৰথম মেইল ৪ মে’ৰ সন্ধিয়া আৰু দ্বিতীয় মেইল ৫ মে’ৰ পুৱা লাভ কৰে। মেইল পঠোৱা ব্যক্তিজনে লিখে যে যদি ১ কোটি টকা নিদিয়ে, তেন্তে ছামীক হত্যা কৰা হ’ব। চৰকাৰে তেওঁক একো কৰিব নোৱাৰে বুলিও দাবী কৰে অভিযুক্তই।
এই গুৰুতৰ বিষয়ত আমৰোহাৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দৰ নিৰ্দেশত চাইবাৰ আৰক্ষী থানাৰ প্ৰভাৰী জিতেন্দ্ৰ বালিয়ানে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ তদন্তত কৰ্ণাটকৰ পৰা প্ৰেৰণ কৰা হৈছে এই ভাবুকি দিয়া মেইল। অভিযুক্তৰ নাম প্ৰভাকৰ বুলি জানিব পৰা গৈছে আৰু তেওঁ ‘ৰাজপুত সিন্ধাৰ’ নামৰ ইমেইল আইডি ব্যৱহাৰ কৰি এই ভাবুকি দিয়ে।
সম্প্ৰতি আমৰোহাৰ চাইবাৰ চেল আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে যৌথভাৱে বিষয়টো তদন্ত কৰি আছে। মেইলৰ স্থান বিচাৰি উলিওৱা হৈছে আৰু অভিযুক্তৰ সৈতে যোগাযোগৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে। এই ঘটনাৰ পিছত মহম্মদ শ্বামীৰ পৰিয়ালত ভয়ৰ পৰিবেশে বিৰাজ কৰিছে। বৰ্তমান শ্বামীয়ে আই পি এল ২০২৫ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি আছে।এই প্ৰতিযোগিতাত এতিয়ালৈকে দলটোৱে ১০খন খেলৰ ভিতৰত মাত্ৰ ৩খন খেলত জয়লাভ কৰিছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰকো ই-মেইলৰ জৰিয়তে একেধৰণৰ ভাবুকি দিয়া হৈছিল। এতিয়া মহম্মদ ছামীয়ে লাভ কৰা ভাবুকিয়ে ভাৰতীয় ক্ৰিকেট জগতখনক চিন্তিত কৰি তুলিছে।