লোকসভা নিৰ্বাচনত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ দপদপনি অব্যাহত আছে পশ্চিম বংগত। এইবাৰ বিধানসভা উপ-নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰাৰ দিশে আগবাঢ়িছে তৃণমূল কংগ্ৰেছ।
মানিকতলা বিধানসভা সমষ্টিৰ বাবে হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা কলকাতাৰ ৰবীন্দ্ৰ ভাৰতীয় বিশ্ববিদ্যালয়ত চলি আছে। প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী কল্যাণ চৌবেতকৈ বহু ভোটত আগবাঢ়ি আছে তৃণমূলৰ প্ৰাৰ্থী সুপ্তী পাণ্ডে।
ইফালে নাদিয়া জিলাৰ ৰাণাঘাট দক্ষিণ বিধানসভা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ মনোজ কুমাৰ বিশ্বাস আৰু তৃণমূলৰ প্ৰাৰ্থী মুকুল মণি অধিকাৰীৰ মাজত। ইয়াতো প্ৰথম ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে মকুল মণি।
উত্তৰী দিনাজপুৰ জিলাৰ ৰায়গঞ্জ সমষ্টিত আগবাঢ়ি আছে তৃণমূলৰ কৃষ্ণ কল্যাণী। দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বহু ভোটত পিছ পৰি আছে বিজেপিৰ মানস কুমাৰ ঘোষ।
বাগদা বিধানসভা সমষ্টিৰ পৰাও বিজেপিৰ বাবে আহিছে বেয়া খবৰ। উত্তৰ দিনাজপুৰ জিলাত বাগদা বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত আগবাঢ়ি আছে তৃণমূলৰ প্ৰাৰ্থী মধুপৰ্ণা ঠাকুৰ, আনহাতে পিছ পৰি আছে বিজেপিৰ প্ৰাৰ্থী বিনয় বিশ্বাস।
উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াত লোকসভাৰ ৪২খন আসনৰ ভিতৰত তৃণমূলে ২৯খন আসন লাভ কৰাৰ বিপৰীতে মাত্ৰ ১২খন আসনতে সীমাবদ্ধ হৈছিল বিজেপি।