আজি কলম্বোত অনুষ্ঠিত হৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ ট্ৰাই নেশ্যন ছিৰিজৰ অন্তিমখন খেল। প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা দলটোৱে শ্ৰীলংকাক ৩৪৩ ৰানৰ লক্ষ্য বান্ধি দিছে।
ভাৰতৰ হৈ স্মৃতি মান্ধনাই এক উজ্জ্বল শতকীয় ইনিংছ খেলে। এদিনীয়া ক্ৰিকেটত একাদশ শতক অৰ্জন কৰিছে মান্ধনাই। এই সময়ছোৱাত তেওঁ ইতিহাসৰ সৃষ্টি কৰিছে।
ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মান্ধনা আৰু প্ৰতীকা ৰাৱালে দলৰ প্ৰথম ৰাইট বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম উইকেটত ৭০ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছতে হাৰ্লিন দেউলৰ সৈতে মান্ধনাই দ্বিতীয় উইকেটৰ বাবে ১২০ ৰানৰ অংশীদাৰিত্ব কৰে। মান্ধনাই ১০১টা বলত ১১৬ ৰানৰ ইনিংছ খেলে। এই ইনিংছত তেওঁ ১৫টা ৪ আৰু দুটা ৬ সংগ্ৰহ কৰে।
ইয়াৰ উপৰি হাৰলিনে ৪৭ ৰান, হৰমনপ্ৰীত কৌৰে ৪১ ৰান আৰু জেমিমা ৰড্ৰিগেছে ৪৪ ৰান সংগ্ৰহ কৰে, যাৰ বাবে ভাৰতীয় দলটোৱে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৪২ ৰান সংগ্ৰহ কৰে।
এয়া আছিল স্মৃতি মান্ধনাৰ একাদশ এদিনীয়া শতক। ভাৰতৰ হৈ এদিনীয়া মেচত সৰ্বাধিক শতক অৰ্জন কৰা মহিলা বেটছমেন। একে সময়তে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা তৃতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে।
ইয়াৰ লগতে স্মৃতিয়ে এদিনীয়া ক্ৰিকেটত ১০টা শতক অৰ্জন কৰা ইংলেণ্ডৰ টেমি বিউমণ্টক পিছ পেলাইছে।