• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

Nation NE by Nation NE
May 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থান উচ্চ ন্যায়ালয়ত ২৮ জুলাইত হ’ব কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান আৰু অন্যান্য তাৰকাৰ যৌথ শুনানি।

২৬ বছৰৰ পাছত ৰাজস্থানৰ বহু চৰ্চিত কৃষ্ণসাৰ হৰিণ চিকাৰৰ গোচৰটোত পুনৰবাৰ আইনী কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। এই ক্ষেত্ৰত বলীউডৰ অভিনেতা ছলমান খান, ছৈফ আলী খান, টাবু, নীলম আৰু সোণালী বেন্দ্ৰে সন্দৰ্ভতো এই বিতৰ্কই লৈছে নতুন ৰূপ। চৰকাৰৰ আবেদনত ৰাজস্থান উচ্চ ন্যায়ালয়ে এই সকলো তাৰকাৰ বিৰুদ্ধে ২০২৫ চনৰ ২৮ জুলাইত গোচৰৰ যৌথ শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে।

এই ঘটনা হৈছে ১৯৯৮ চনৰ, যোধপুৰৰ সমীপত ‘হম সাথ সাথ হায়’ ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছিল। এই সময়ছোৱাত শ্বুটিঙৰ সময়ত অভিনেতা ছলমান খান আৰু তেওঁৰ সংগীসকলৰ বিৰুদ্ধে দুটা কৃষ্ণসাৰ হৰিণ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

বিষ্ণোই সম্প্ৰদায়ৰ লোকে অভিনেতাজনৰ বিৰুদ্ধে এই গোচৰ দিছিল। কিয়নো এই সম্প্ৰদায়ে ক’লা হৰিণক পবিত্ৰ বুলি গণ্য কৰে। যাৰ বাবে এইয়া তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত বিষয় হৈ পৰিল।

বিষ্ণোই জনগোষ্ঠীৰ অভিযোগত যোধপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু ১৯৯৮ চনৰ ১২ অক্টোবৰত ছলমান খানক গ্ৰেপ্তাৰ কৰা হয়।যদিও তেওঁ পাঁচ দিনৰ পাছত জামিন লাভ কৰে, তথাপিও তেতিয়াৰ পৰাই এই গোচৰটো আদালতত চলিয়েই আছে।

২০১৮ চনত নিম্ন আদালতে অভিনেতা ছলমান খানক দোষী সাব্যস্ত কৰি ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে ছৈইফ আলী খান, টাবু, নীলম আৰু সোণালীক দোষমুক্ত কৰা হৈছিল। কিছুদিন জেলত কটাবলগীয়া হৈছিল ছলমানে, কিন্তু পিছত জামিন লাভ কৰে।

ছৈইফ আলী খান, টাবু, নীলম আৰু সোণালী বেন্দ্ৰেক দোষমুক্ত কৰা নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত ৰাজস্থান চৰকাৰে আবেদন দাখিল কৰে। এই আবেদন “আপিল কৰিবলৈ অনুমতি”ৰ ৰূপত দাখিল কৰা হৈছিল, য’ত কোৱা হৈছিল যে নিম্ন আদালতে পৰ্যাপ্ত প্ৰমাণ থকাৰ পিছতো এই তাৰকাসকলক ৰেহাই দিছে।

এই আবেদনৰ শুনানি হয় বুধবাৰে ন্যায়াধীশ মনোজ কুমাৰ গাৰ্গৰ আদালতত। ইফালে এই সত্য পোহৰলৈ অনা হয় যে ছলমান খানৰ শাস্তিৰ বিৰুদ্ধে আবেদনো উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এই বিষয়ে অধিবক্তাসকলে দুয়োটা গোচৰ একেলগে শুনানি দিবলৈ দাবী জনায়।

এই দাবী মানি লৈ আদালতে নিৰ্দেশ দিয়ে যে ২০২৫ চনৰ ২৮ জুলাইত ছলমান খান আৰু অন্যান্য অভিনেতাৰ সৈতে জড়িত সকলো গোচৰৰ যৌথ শুনানি হ’ব।যৌথ শুনানিৰ এইয়ে সুবিধা হ’ব যে সকলো অভিযুক্তৰ ওপৰত একে দৃষ্টিকোণৰ পৰা বিতৰ্ক হ’ব। সাক্ষী আৰু প্ৰমাণৰ বক্তব্য সমন্বিতভাৱে পৰ্যালোচনা কৰিব পাৰিব। এই সিদ্ধান্তত স্পষ্টতা আৰু ন্যায়িক স্বচ্ছতা বজাই ৰখা হ’ব। এই সিদ্ধান্তই এইটোও দেখুৱাইছে যে ৰাজস্থান উচ্চ ন্যায়ালয়ে এতিয়া এই বিষয়টোক চূড়ান্ত সিদ্ধান্তলৈ লৈ যাব বিচাৰিছে যাতে দশক দশক ধৰি বিচাৰাধীন হৈ থকা গোচৰটোৰ সমাধান কৰিব পৰা যায়।

বিষ্ণোই সমাজে এই গোচৰটোক ন্যায়ৰ বাবে অবিৰত সংগ্ৰাম বুলি অভিহিত কৰিছে। সম্প্ৰদায়টোৰ নেতাসকলে কয় যে, তেওঁলোকে কেৱল হৰিণৰ বাবেই নহয়, পৰিৱেশ আৰু ধৰ্মীয় বিশ্বাস ৰক্ষাৰ বাবেও থিয় দিছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে ষিকোনো প্ৰকাৰে আইন ভংগ কৰাসকলক শাস্তি দিব লাগিব।

কৃষ্ণসাৰ হৰিণ চিকাৰৰ গোচৰটো ভাৰতীয় ন্যায়িক ব্যৱস্থা, তাৰকাত্ব আৰু সমাজৰ আশা-আকাংক্ষাৰ জ্বলন্ত নিদৰ্শন হৈ পৰিছে। ২৬ বছৰৰ পাছতো ইয়াৰ ন্যায়িক সমাধান কৰাটো সম্ভৱ হোৱা নাই যদিও এতিয়া উচ্চ ন্যায়ালয়ে যৌথ শুনানিৰ দিন নিৰ্ধাৰণ কৰাৰ লগে লগে এইটো ন্যায়ৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব বুলি আশা কৰা হৈছে। এতিয়া সকলোৰে দৃষ্টি ২০২৫ চনৰ ২৮ জুলাইত যোধপুৰ উচ্চ ন্যায়ালয়ে ছলমান আৰু অন্যান্য তাৰকাৰ ভাগ্য সন্দৰ্ভত কি পৰৱৰ্তী ডাঙৰ সিদ্ধান্ত ল’ব।

Tags: ActorBlack deerSalman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025