গড়চুকৰ ভয়ংকৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা দীপশিখা বৈশ্যৰ বিৰুদ্ধে বৰ্তমান সৰৱ হৈ উঠিছে গাওঁবাসী। কোনোপধ্যেই দীপশিখা বৈশ্যক প্ৰৱেশ কৰিবলৈ নিদিয়ে গাওঁবাসীয়ে।
ৰাজ্য কঁপাই যোৱা উদীয়মান অভিনেতা মৃগাংক বৰ্মনৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডৰ সৈতে জড়িত হৈ আছে ৰাজু আলী আৰু দীপশিখা বৈশ্য নামেৰে এগৰাকী মহিলা। গুৱাহাটীৰ মহানগৰীৰ গড়চুকত মৃগাংক বৰ্মনৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল ৰাজু আলীয়ে। এই ঘটনাৰ সৈতে দীপশিখা বৈশ্যৰ নাম।
পিছে বৰ্তমান দীপশিখা মুকলি আকাশৰ তলত। কিন্তু প্ৰমান নথকাত মুকলি আকাশৰ তললৈ ওলাই আহে দীপশিখা। পিছে মুকলি আকাশৰ তললৈ আহিলেও পুনৰ বংশৰত থকা স্বামীৰ গৃহত আহিবলৈ নিদিয়াৰ সিদ্ধান্ত ল’লে বংশৰৰ স্থানীয় মহিলাসকলে।
স্থানীয় মহিলাসকলৰ মতে, এনেধৰণৰ মহিলা সমাজখনৰ বাবে ক্ষতিকাৰক। দীপশিখাৰ ভূলৰ বাবে সংঘটিত হৈছে মৃগাংক বৰ্মনৰ সৈতে এই কাণ্ড। যাৰ বাবে দীপশিখা বৈশ্যক গাঁৱত প্ৰৱেশত বাধা দিয়ে স্থানীয় মহিলা সকলে।প্ৰয়োজনত সন্তান দুটি চোৱাচিতাৰ বাবে দীপশিখাৰ স্বামীক দ্বিতীয় বিবাহৰো অনুমতি দিয়ে মহিলাসকলে।
অভিযোগমৰ্মে দীপশিখাই পূৰ্বেও অইন পুৰুষৰ সৈতে ২-৩ বাৰকৈ পলাই গৈছিল।