২০২৫ বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তানত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। এই আগন্তুক প্ৰতিযোগিতাখনত ভাৰতীয় ক্ৰিকেট দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব নে নাই তাক লৈ আৰম্ভ হৈছে বিতৰ্ক।
যদি ভাৰতে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে হাইব্ৰিড মডেলৰ জৰিয়তে প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সমগ্ৰ প্ৰতিযোগিতাখন পাকিস্তানতে আয়োজন কৰাৰ বাবে অটল।
পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই সপ্তাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আইচিচিৰ বৈঠকৰ সময়তো পিচিবিয়ে এই স্থিতি অক্ষুণ্ণ ৰাখিব। ১৯ জুলাইৰ পৰা ২২ জুলাইলৈ কলম্বোত অনুষ্ঠিত হ’বলগীয়া আইচিচি ব’ৰ্ডৰ বৈঠকত পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
পিচিবিয়ে হুংকাৰ দিছে যে যদি ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী বৰ্জন কৰে তেন্তে ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিবলগীয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিব।
ইতিমধ্যে পিচিবিয়ে চেম্পিয়নছ ট্ৰফীৰ সূচী প্ৰস্তুত কৰি আইচিচি আৰু ইয়াৰ সদস্য দেশসমূহৰ অনুমোদনৰ বাবে দাখিল কৰিছে। অনলাইনত ফাদিল হোৱা সূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ পৰা কৰাচীত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলৰ জৰিয়তে প্ৰতিযোগিতাখন আৰম্ভ হ’ব।
ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে আৰু ১ মাৰ্চত লাহোৰত দুয়োটা দল মুখামুখি হোৱাৰ কথা। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকে ভাৰতৰ প্ৰতিখন মেচ লাহোৰতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।
এই বিশদ পৰিকল্পনাৰ পিছতো ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত বিচিচিআইৰ পৰা কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই। সূত্ৰৰ পৰা জানিব পৰা মতে, টিম ইণ্ডিয়াৰ পাকিস্তানলৈ যোৱাৰ সম্ভাৱনা অতি কম, কিন্তু চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰে ল’ব লাগিব।
উল্লেখ্য যে, ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ২০০৮ চনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, য’ত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শ্ৰীলংকাৰ হাতত ১০০ ৰানত পৰাস্ত হৈছিল।