প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেওবাৰে দিল্লীৰ অশোক হোটেলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছে। এই বৈঠকৰ উদ্দেশ্য হৈছে ‘বিকশিত ভাৰত @ ২০৪৭’ৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা আৰু সুশাসনৰ আৰ্হিত এক উমৈহতীয়া কৌশল প্ৰণয়ন কৰা।
বৈঠকৰ আৰম্ভণিতে মতামত দাঙি ধৰিব জে পি নাড্ডাই। এই বৈঠকত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পণ্ডিচেৰীৰ মুখ্যমন্ত্ৰী উপস্থিত নাই।
এন ডি এৰ অধীনত শাসিত ২০ খন ৰাজ্যৰ প্ৰায় ২০ গৰাকী মুখ্যমন্ত্ৰী আৰু ১৮ গৰাকী উপ-মুখ্যমন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দিনজোৰা কাৰ্যসূচীৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
এই গুৰুত্বপূৰ্ণ বৈঠকত জাতিগত লোকপিয়ল, অপাৰেশ্যন সিন্দূৰৰ দৰে আদি বিষয়বোৰ সন্দৰ্ভতো চৰ্চা হোৱাৰ সম্ভাৱনা আছে।