ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি কৰ্ণাটকৰ দুগৰাকী বিধায়কক ৬ বছৰৰ বাবে বহিষ্কাৰ কৰিছে। দল বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগত বহিষ্কাৰ হোৱা বিধায়ক দুগৰাকী হৈছে এছ টি সোমশেখৰ আৰু এ শিৱৰাম হেব্বাৰ।
নিউজ এজেন্সি পিটিআইৰ প্ৰতিবেদন অনুসৰি, কৰ্ণাটক প্ৰদেশ বিজেপিৰ অধ্যক্ষ বি ৱাই বিজয়েন্দ্ৰই কয় যে দুয়োগৰাকী বিধায়কে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। দলীয় নেতৃত্বৰ সৈতে বিষয়টো পৰ্যালোচনা কৰাৰ পিছতে এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
এছ টি সোমশেখৰ কৰ্ণাটক বিধানসভাৰ যশৱন্তপুৰ বিধানসভা সমষ্টি আৰু এ শিৱৰাম হেব্বাৰে য়েল্লাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে।
দলটোৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সদস্য সচিব ওম পাঠকে হেব্বাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁৰ মতে, দলীয় অনুশাসন বাৰে বাৰে উলংঘা কৰাৰ বাবেই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে।