দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক ভাৰতীয় ষ্টেট বেংকে (SBI) শেহতীয়াকৈ লোৱা এক সিদ্ধান্তই তেওঁলোকৰ গ্ৰাহকসকলক আশ্বৰ্যকৰ কৰি তুলিছে। ষ্টেট বেংকে ইয়াৰ পুঁজি আধাৰিত ঋণহাৰ (এমচিএলআৰ)ৰ প্ৰান্তিক ব্যয় ১০ বেছিছ পইণ্ট অৰ্থাত নিৰ্বাচিত ম্যাদৰ ওপৰত ০.১০ শতাংশ বৃদ্ধি কৰিছে।
এই এমচিএলআৰে ব্যক্তিগত ঋণ, অটো ঋণকে ধৰি অন্যান্য ঋণ ব্যয়বহুল কৰি তুলিব। যাৰ বাবে ইয়াৰ গ্ৰাহকে পৰিশোধ কৰিব লাগিব অধিক ই এম আই। ১৫ জুলাই অৰ্থাত সোমবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নতুন নিয়ম।
SBI য়ে ছয় মাহ, এক বছৰ আৰু দুবছৰীয়া ম্যাদৰ বাবে এমচিএলআৰৰ হাৰ ০.১০ শতাংশ বৃদ্ধি কৰিছে, যাৰ ফলত ই ক্ৰমান্বয়ে ৮.৭৫%, 8.85% আৰু ৮.৯৫% হৈছে। একে সময়তে, তিনি বছৰীয়া এমচিএলআৰ ৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৯% কৰা হৈছে। ইয়াৰ আগতে জুন মাহত, বেংকে নিৰ্বাচিত ম্যাদৰ ঋণৰ হাৰ (এমচিএলআৰ) ১০ বিপিএছ বৃদ্ধি কৰিছিল।
এমচিএলআৰ কি?
এমচিএলআৰ-ক পুঁজি আধাৰিত ঋণৰ হাৰৰ প্ৰান্তিক ব্যয় বুলি কোৱা হয়। এইটো নিম্নতম ঋণৰ হাৰ, যাৰ তলত বেংকে কাকো ঋণ দিব নোৱাৰে। এমচিএলআৰে এগৰাকী গ্ৰাহকৰ ব্যক্তিগত আৰু অটো ঋণৰ ই এম আইৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। এই এমচিএলআৰ বৃদ্ধি কৰিলে নতুন ঋণ ব্যয়বহুল হৈ পৰিব। লগতে তেওঁৰ বিদ্যমান ঋণৰ ইএমআইও বৃদ্ধি হ’ব।
অৱশ্য়ে SBI ৰ এক্সটাৰ্নেল বেঞ্চমাৰ্ক লেণ্ডিং ৰেট্ছ (ইবিএলআৰ) ত হোৱা নাই কোনো পৰিবৰ্তন। ইয়াক ৰখা হৈছে ৯.১৫% ত। SBI গৃহঋণৰ সূতৰ হাৰ ৮.৫০% ৰ পৰা ৯.৬৫%। এই সকলো গৃহ ঋণ বাহ্যিক বেঞ্চমাৰ্ক ঋণৰ হাৰৰ সৈতে সম্পৰ্কিত। চিবিআইএল নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি এইটো বেলেগ বেলেগ হয়।