বাংলাদেশৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নিৰ্বাচন ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ’ব। শুকুৰবাৰে এই কথা ঘোষণা কৰে দেশৰ অন্তৱৰ্তীকালীন মুৰব্বী তথা শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে।
৮৪ বছৰীয়া ইউনুছে কয় যে, তেওঁ ইতিমধ্যে দেশৰ নাগৰিকক ঘোষণা কৰিছে যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম পষেকৰ যিকোনো দিনতে নিৰ্বাচন অনুষ্ঠিত হ’ব।কিন্তু ভোটদানৰ সঠিক তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই।
শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়, য’ত মহম্মদ ইউনুছক স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ দায়িত্ব অৰ্পণ কৰা হয় যদিও তেতিয়াৰ পৰাই ইউনুছৰ তত্ত্বাৱধায়ক চৰকাৰখনে বিভিন্ন ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ পৰা উদ্ভৱ হোৱা দাবীসমূহৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে।
ইফালে আৱামী লীগৰো অসুবিধা আৰু অধিক বৃদ্ধি পাইছে। চলিত মাহত এই দলৰ পঞ্জীয়ন স্থগিত ৰখা হৈছে, যাৰ বাবে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব আৱামী লীগে। অৱশ্যে এই সিদ্ধান্তক ব্যাপক সমালোচনা কৰা হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে ইউনুছক ছ’চিয়েল মিডিয়াৰ জৰিয়তে “প্ৰতিশোধৰ ৰাজনীতি” কৰাৰ অভিযোগ উত্থাপন কৰিছে। একে সময়তে বিৰোধী বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে।বিএনপিয়ে কয় যে স্পষ্ট সময়সীমা অবিহনে অন্তৱৰ্তীকালীন চৰকাৰক সমৰ্থন কৰাটো কঠিন হৈ পৰিছে।
সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানেও চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি দেশত চলি থকা ৰাজনৈতিক অচলাৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বাংলাদেশত তত্ত্বাৱধায়ক চৰকাৰৰ ব্যৱস্থা পুনৰুদ্ধাৰ, ন্যায়পালিকাৰ স্বাধীনতা শক্তিশালী আৰু সাংবিধানিক সংস্কাৰৰ বিষয়ে আলোচনা কৰি ৰাষ্ট্ৰীয় ঐকমত্য আয়োগ গঠন কৰিছে।
ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত চৰকাৰী কৰ্মচাৰী, শিক্ষক আৰু সাধাৰণ নাগৰিকৰ ক্ৰমবৰ্ধমান প্ৰতিবাদে আইন-শৃংখলাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাজনৈতিক ঐকমত্যৰ অভাৱৰ মাজতে দেশ অনিশ্চয়তাৰ অৱস্থাত প্ৰৱেশ কৰি সৰ্বসাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে। জুন মাহৰ আৰম্ভণিতে ৰাজনৈতিক দলসমূহৰ সৈতে পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত স্থিতিশীলতাৰ আশা বৃদ্ধি পাইছে।