দেশ জোকাৰি যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সোনম ৰঘুবংশী আৰু তেওঁৰ চাৰিজন সহযোগীক শ্বিলঙৰ এখন আদালতে ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।
শ্বিলং ইষ্টাৰ্ণ ৰেঞ্জৰ ডি আই জি ডেভিছ এন আৰ মাৰকে কয় যে তদন্তত এই কথা পোহৰলৈ আহিছে যে সোনমেই তেওঁৰ স্বামীক হত্যা কৰোৱাইছিল আৰু সহযোগীসকলৰ সৈতে মৃতদেহটো লুকুওৱাৰ চেষ্টা কৰে।
শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে হোম ষ্টেৰ কোঠাত থকা এটা চ্যুটকেছত সোনমৰ মংগলসূত্ৰ আৰু এটা আঙুঠি লাভ কৰিছিলো, তেতিয়াই সন্দেহ উপজিছিল যে কেনেদৰে এগৰাকী বিবাহিত মহিলাই মংগলসূত্ৰ আৰু আঙুঠি এৰি যাব পাৰে।
এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত সোনমে টেক্সীৰে গুৱাহাটীলৈ আহিছিল বুলিও জানিবলৈ দিয়ে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।
ইয়াৰ উপৰি, সোনমৰ লগতে তেওঁৰ প্ৰতিগৰাকী সতীৰ্থই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বাকীৰ কৰিছে বুলিও আৰক্ষীয়ে জনায়। প্ৰাথমিক তদন্তত অবৈধ সম্পৰ্কৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
হত্যাকাণ্ডৰ পিছত সোনমে নিজৰ দুটা ফোন আৰু ৰাজাৰ ফোনটো কোনো অজ্ঞাত স্থানত লুকুৱাইছিল। ফোনৰ লোকেশ্যন পোৱা হৈছিল হত্যাকাণ্ড সংঘটিত হোৱা ঠাইৰ সমীপত। অপৰাধ সংঘটিত কৰাৰ পিছত শ্বিলঙৰ পৰা এখন টেক্সি ভাড়া কৰি গুৱাহাটী ৰে’ল ষ্টেচনলৈ আহিছিল সোনম। টেক্সি চালকজনৰ ভাষ্য সংগ্ৰহৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে, ১১ মে’ত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে কিছুদিন পূৰ্বে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ আহিছিল ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী। ইয়াৰ পিছতেই ২৩ মে’ত ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হয়। এই ঘটনাৰ ১০ দিন পিছত অৰ্থাত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও নিৰুদ্দেশ হৈয়েই থাকে সোনম।
ইয়াৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনা সন্দৰ্ভত ৮ জুনত গ্ৰেপ্তাৰ কৰে সোনম আৰু আন সতীৰ্থসকলক। সোনম আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাক লৈ ন-ন তথ্য পোহৰলৈ আহি আছে।