পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ চকলি মিচিং গাওঁৰ পৰা নিৰুদ্দেশ হয় এগৰাকী বোৱাৰী। ২৪ মে’ৰ পৰা সন্ধানহীন হৈ আছে অঞ্জনা মিলি নামৰ এই ৩৫ বছৰীয়া মহিলাগৰাকী।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ২৪ তাৰিখে নিজৰ বায়েকৰ বেমাৰৰ খবৰ ল’বলৈ বুলি গোলাঘাটলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে চকলি মিচিং গাওঁৰ বম মিলিৰ পত্নী অঞ্জনা মিলি।
উল্লেখ্য যে, স্বামী বম মিলি কৰ্মসুত্ৰে বহিঃৰাজ্য তামিলনাডুত থকা অৱস্থাত দুই সন্তানৰ মাতৃ অঞ্জনা মিলি সন্ধানহীন হৈ থকাক লৈ পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালৰ লোকে বৰপথাৰ আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো সম্ভেদ লাভ কৰা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
আকৌ মহিলাগৰাকী কোনো নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয়ই। লগতে পৰিয়ালৰ লোক তথা অঞ্চলৱাসীয়ে আৰক্ষীক সঠিক অনুসন্ধান কৰি মহিলাগৰাকীক অনতিপলমে উদ্ধাৰৰ বাবে আহ্বান জনায়।