লোকসভা নিৰ্বাচনৰ পিছৰে পৰা খালী হৈ পৰা অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আজি এক সংবাদমেলযোগে এই কথা জনাই অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰগা গোৱেলে।
পুৰণি বিধানসভা সমষ্টিৰ সীমা অনুসৰিয়েই চামগুৰি, চিদলী, ধলাই, বঙাইগাঁও আৰু বিহালী সমষ্টিত হ’ব উপ-নিৰ্বাচন।
৩০ জুলাইত এই সমষ্টিসমূহৰ বাবে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব, য’ত ওজৰ-আপত্তিৰ সময়সীমা ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈকে নিৰ্ধাৰণ কৰা হৈছে। অহা ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে।
শনিবাৰে (২০ জুলাই) ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তালিকাৰ খচৰা লাভ কৰিব আৰু ২৭ জুলাইৰ ভিতৰত মতামত দাখিল কৰিব লাগিব।
দাবী আৰু আপত্তি অনলাইনত কৰিব নোৱাৰিব, বৰঞ্চ বুথ লেভেল অফিচাৰ (বিএলঅ’)ৰ জৰিয়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰ-পত্ৰৰ জৰিয়তে জমা দিব লাগিব।