ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীয়ে আমেৰিকাক প্ৰত্যুত্তৰ প্ৰদান কৰি কয় যে তেওঁৰ দেশ ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে। তেওঁ আমেৰিকাক সকীয়াই দিয়ে যে ইৰাণে নিজৰ শ্বহীদৰ তেজ কেতিয়াও পাহৰিব নোৱাৰে।
খামেনীয়ে কয় যে আমেৰিকানসকলে জনা উচিত যে আমেৰিকাৰ যিকোনো হস্তক্ষেপৰ প্ৰতি ইৰাণে কঠোৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব।
এটা নিউজ এজেন্সিত দিয়া সাক্ষাতকাৰত খামেনীয়ে ইজৰাইলকো কঠোৰ সকীয়নি প্ৰদান কৰা দেখা যায়। তেওঁ কয় যে তেওঁলোকে ভুলৰ শাস্তি লাভ কৰিব।
খামেনীয়ে কয়, ‘তেওঁলোকে জনা উচিত যে হিট এণ্ড ৰানৰ যুগ এতিয়া শেষ হৈছে আৰু তেওঁলোকে নিজৰ ভুলৰ শাস্তি পাব।’
ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে খামেনীৰ শেহতীয়া মন্তব্যই দুয়োখন দেশৰ মাজৰ তীব্ৰতাক আৰু অধিক ইন্ধন যোগোৱাৰ সম্ভাৱনা আছে। ইৰাণৰ সামৰিক আৰু ৰাজনৈতিক নেতৃত্বই বাৰে বাৰে যিকোনো আগ্ৰাসনৰ প্ৰতি দৃঢ় সঁহাৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে।