ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ্ব দলৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব দলত দুটা ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে বিচিচিআইয়ে। ভাৰতীয় দলৰ দুগৰাকী খেলুৱৈ আদিত্য ৰাণা আৰু খিলন পেটেল আঘাতৰ বাবে ইংলেণ্ড ভ্ৰমণৰ পৰা বাদ পৰিছে।
বিচিচিআইয়ে এই ক্ৰিকেটাৰ দুজনৰ ঠাইত ডি দীপেশ আৰু নমন পুষ্পকক দলত অন্তৰ্ভুক্ত কৰিছে। দীপেশ আৰু নমনক এই ভ্ৰমণৰ বাবে ষ্টেণ্ডবাই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
বিচিচিআইয়ে কয় যে ইংলেণ্ড ভ্ৰমণৰ বাবে আদিত্য ৰাণা আৰু খিলান পেটেলৰ ঠাইত জুনিয়ৰ ক্ৰিকেট কমিটীয়ে দলত ডি দীপেশ আৰু নমন পুষ্পকক নিৰ্বাচিত কৰিছে।
২৪ জুনৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ১৯ অনুৰ্ধ্ব দলৰ ইংলেণ্ড ভ্ৰমণ। ২৪ জুনত ভাৰতীয় দলটোৱে ৫০ অভাৰৰ ৱাৰ্ম আপ মেচ খেলিব। ইয়াৰ পিছত ২৭ জুনৰ পৰা ইংলেণ্ডৰ ১৯ অনুৰ্ধ্বৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰম্ভ হ’ব।
ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন এদিনীয়া খেল খেলিব। প্ৰথমখন খেল ২৭ জুনত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ৩০ জুনত অনুষ্ঠিত হ’ব। আনহাতে তৃতীয়খন মেচ ২ জুলাইত অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচ ৫ জুলাইত আৰু অন্তিমখন খেল ৭ জুলাইত অনুষ্ঠিত হ’ব।
আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন কৰা বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাত্ৰেকো দলত স্থান দিয়া হৈছে। এই ভ্ৰমণত ভাৰতীয় দলটোক নেতৃত্ব দিব আয়ুষে।
ইয়াৰ পিছত দুয়োটা দলৰ মাজত দুখন মাল্টি ডে’ খেলৰ শৃংখলাও অনুষ্ঠিত হ’ব। এই শৃংখলাৰ প্ৰথমখন মেচ অহা ১২ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু অন্তিমখন মেচ ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত হ’ব।
ইংলেণ্ড ভ্ৰমণৰ বাবে টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ্ব দল
আয়ুষ মাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, মৌলিৰাজচিন চাৱড়া, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ আৰু সহঃঅধিনায়ক), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ অম্ব্ৰিশ, কনিষ্ক চৌহান, হেনিল পেটেল, যুধাজিত গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ এনান, অনমোলজিৎ সিং, ডি দীপেশ, নমন পুষ্পক।
ষ্টেণ্ডবাই খেলুৱৈ : বেদান্ত ত্ৰিবেদী, বিকল্প তিৱাৰী, অলংক্ৰিথ ৰাপোল (উইকেটকীপাৰ)।