পুনৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে। মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এই ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে।
ৰঙিয়াৰ অন্যতম ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিতালৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ। ৰঙিয়াৰ সমীপৰ কেন্দুকোনাৰ এগৰাকী মহিলাই হস্পিতালৰ চিকিৎসক আৰু নাৰ্চৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে।এই ঘটনাই ৰঙিয়াৰ লগতে সামাজিক মাধ্যমতো সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, আল্ট্ৰা চাউণ্ড পৰীক্ষাৰ নামত হস্পিতালৰ নাৰ্চে তেওঁৰ শৰীৰৰ সকলো কাপোৰ আঁতৰাবলৈ কয়, যি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নাছিল মহিলাগৰাকীৰ বাবে।
ইয়াৰ উপৰিও মহিলাগৰাকীৰ অভিযোগ অনুসৰি, হাস্পতালৰ নাৰ্চসকলে ৰোগীক দুৰ্ব্যৱহাৰো কৰে। এই ঘটনাৰ পিছত সামাজিক মাধ্যমৰ জৰিয়তে স্বস্তি হাস্পতালৰ কৰ্তৃপক্ষক সকিয়নী প্ৰদান কৰিছে বহুজনে।
লগতে ভুক্তভোগীয়ে এনে অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে সকলোৱে সজাগ হৈ উঠাৰ লগতে আৰু নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ’বলৈ আহ্বান কৰে।
এই ঘটনাই কেৱল স্বস্তি হস্পিতালৰ ব্যৱস্থাপনাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰাই নহয়, স্বাস্থ্যসেৱা খণ্ডৰ নৈতিকতা আৰু ৰোগীৰ সুৰক্ষাৰ বিষয়টোকো পুনৰ সন্মুখলৈ আনিছে। সকলোৱে এই ঘটনাৰ তদন্ত আৰু অভিযুক্তসকলৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে।