বিগত কিছুদিন ধৰি ঝাৰখণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিহাৰত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিহাৰৰ নালন্দা জিলাৰ বহু অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বিগত কিছুদিনৰ পৰা ঝাৰখণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত ফালগু নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ ফলত কেইবাটাও সৰু সৰু মথাউৰিৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে। শনিবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে।
ঝাৰখণ্ডত বৰষুণৰ বাবে বিহাৰৰ মাজেৰে বৈ যোৱা নিৰঞ্জনা, মুহানে, উত্তৰ কোৱেল, সকৰি পঞ্চানে নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে।
জলপৃষ্ঠ বৃদ্ধিৰ বাবে, জাহানাবাদ, নালন্দাৰ একনগৰচৰাই পাটনাৰ লোকনাই ভূতহী ধোৱা মহাত্মাটাইন নদীত নিৰ্মিত মথাউৰি ভাঙি যায়। মথাউৰি ভাঙি যোৱাৰ পিছতে নদীৰ দাঁতিকাষৰীয়া অঞ্চলত বানে ৰুদ্ৰ মূৰিত ধাৰণ কৰিছে আৰু ইয়াৰ বাবে জনজীৱন বেয়াকৈ প্ৰভাৱিত হৈছে।
আনহাতে, মথাউৰি ভাঙি যোৱাৰ পাছতে প্ৰশাসনিক গাফিলতিৰ অভিযোগ তুলি বহু বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জলসম্পদ বিভাগৰ মন্ত্ৰী বিজয় চৌধুৰীয়ে একনগৰচৰাইত মথাউৰি ভাঙি যোৱাৰ পিছত কাৰ্যবাহী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাকে ধৰি ৭জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। বিভাগৰ বিষয়াসকল সজাগ হৈ আছিল। কিন্তু একাংশ বিষয়াই কৰ্তব্যত অৱহেলা আৰু গাফিলতি কৰাৰ অভিযোগত ৭ জন বিষয়াক নিলম্বন কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গাফিলতি সহ্য কৰা নহ’ব বুলিও স্পষ্টভাৱে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।