সত্তৰোৰ্ধ এজন বিশেষ ব্যক্তি। দেশৰ এখন বৃহৎ ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁ। ৰাজ্যপাল পদত অধিষ্ঠিত সেই বিশেষ ব্যক্তি আজি দেশজুৰি সংবাদ শীৰ্ষত।
কাগজে কলমে বাৰ্ধক্যত ভৰি দিয়া এটা দশকৰো উৰ্ধৰ হৈছে তেওঁৰ। তথাপি সেইবোৰলৈ ভ্ৰূক্ষেপ নাই তেওঁৰ। আমি ক’ব বিচাৰিছোঁ ভাৰতীয় আৰক্ষী সেৱাৰ ভূতপূৰ্ব বিষয়া, বৰ্ষীয়ান আৰ এন ৰবিৰ কথা।
আৰ এন ৰবি বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। এই আৰ এন ৰবি ওৰফে ৰবীন্দ্ৰ নাৰায়ণ ৰবি এতিয়া দেশজুৰি চৰ্চিত। কাৰণ তেওঁৰ ফিটনেছ অসাধাৰণ। এম্বিয়েন্স
শনিবাৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ এক অনুষ্ঠানত উপস্থিত আছিল আৰ এন ৰবি।এবাৰ দুবাৰ নহয়, সম্পূৰ্ণ ৫১ বাৰ পুশ্বআপ কৰি নিজ ফিটনেচৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ৰবিয়ে।
৫১ বাৰ পুশ্বআপ কৰি তামিলনাডুৰ ৰাজ্যপাল, ৭৩ বছৰীয়া ৰবিয়ে যেন বুজাই দিলে শাৰিৰীক সক্ষমতাৰ দিশেৰে তেওঁ এতিয়াও এজন ৩০ বছৰীয়া সুন্দৰ-সুঠাম যুৱকৰ দৰেই!
যোগদিৱসৰ এই অনুষ্ঠান সম্পন্ন হৈছিল মাদুৰাইৰ ভেলাম্মাল শিক্ষাকেন্দ্ৰত। তাত উপস্থিত আছিল ১০ হাজাৰ শিক্ষাৰ্থী। সেই অনুষ্ঠানৰে মধ্যমণি আছিল তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি। ৰবিৰ পিন্ধনত আছিল কলা ট্ৰেকশ্বুট-বগা টি শ্বাৰ্ট। ৭৩ বছৰীয়া এই তৰুণৰ কীৰ্তি দেখি অবাক অনুষ্ঠানত উপস্থিত সকলো শিক্ষাৰ্থী। ৰবিৰ পুশ্বআপৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে দেশজুৰি চৰ্চাৰ বিন্দু ৰৈ পৰিছে ৰবি। সমগ্ৰ দেশ আজি ৰবিৰ প্ৰশংসাত পঞ্চমুখ।