ভাৰত, ইংলেণ্ড, ৱেষ্টইণ্ডিজ, অষ্ট্ৰেলিয়াসহ কেইবাখনো দেশ সম্প্ৰতি টেষ্ট শৃংখলাত ব্যস্ত। ইয়াৰ মাজতেই এটা বিশেষ খবৰে ক্ৰিকেট মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দৰাচলতে ৱেষ্ট ইণ্ডিজৰ এগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে ১১ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
বৰ্তমান সেই ক্ৰিকেটাৰগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলাত ব্যস্ত বুলিও বিভিন্ন সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ পাইছে। এতিয়ালৈ কোনো সংবাদ মাধ্যমেই ক্ৰিকেটাৰগৰাকীৰ নাম উল্লেখ কৰা নাই।
এটা কেৰিবিয়ান সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, এগৰাকী কিশোৰীসহ ১১ গৰাকী মহিলাই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ধৰ্ষণ, যৌন উৎপীড়নৰ লগতে আন কেতবোৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি যিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেইগৰাকী গায়ানাৰ ক্ৰিকেটাৰ। মহিলা কেইগৰাকীয়ে গায়ানা প্ৰশাসনৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যদিও ঘটনাক গাপ দিয়াৰো চেষ্টা চলোৱা বুলি দাবী কৰা হৈছে।
এই সকলোবোৰৰ মাজতে ক্ৰিকেট ৱেষ্ট ইণ্ডিজে কয় যে তেওঁলোকে পৰিস্থিতিৰ বিষয়ে অৱগত নহয়। যেতিয়া এটা আগশাৰীৰ টেলিভিছন চেনেলে ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ অধ্যক্ষ কিশোৰ শ্বালোক খেলুৱৈগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে অৱগত নেকি বুলি সোধাত তেওঁ কয়, ‘ক্ৰিকেট ৱেষ্ট ইণ্ডিজ পৰিস্থিতিৰ বিষয়ে অজ্ঞাত আৰু সেয়েহে এই সময়ত এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ অৱস্থাত নাই।’