বিদ্যালয়ত থাকোতে প্ৰতিজন শিক্ষাৰ্থীয়ে হয়তো প্ৰধান শিক্ষকলৈ দৰ্খাস্ত বা আবেদনপত্ৰ লিখি পাইছে। দৰ্খাস্ত লিখাৰ বাবে হয়তো বহুতে প্ৰধান শিক্ষক নাইবা আন শিক্ষকৰ পৰা গালি, মাৰ খাই পাইছে।
এইবাৰ চতুৰ্খ শ্ৰেণীৰ পাপ্পু নামৰ এজন ছাত্ৰৰ এখন আজৱ দৰ্খাস্ত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অধ্যক্ষলৈ লিখা আবেদন পত্ৰখনে সংবাদ শিৰোনাম দখল কৰিছে।
বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়াৰ বাবে আবেদন পত্ৰখন লিখিছে এজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই। শিক্ষাৰ্থীজনে মাচুল মাফ কৰিবলৈ কৈছিল অন্যথা অধ্যক্ষৰ ভিডিঅ’ ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰিছে আবেদনখনত।
উল্লেখ্য যে, ইনষ্টাগ্ৰামত এগৰাকী কমেডিয়ানে শ্বেয়াৰ কৰিছে দৰ্খাস্তখন। শ্বেয়াৰ কৰা দৰ্খাস্তখনত মাচুল ৰেহাইৰ বাবে অধ্যক্ষলৈ লিখিছিল ছাত্ৰজনে। বিদ্যালয়ৰ অধ্যক্ষৰ নামত লিখা হৈছে দৰ্খাস্তখন।
লগতে দৰ্খাস্তখনত লিখা আছে যে, তেওঁ ঘৰৰ পৰা বিদ্যালয়ৰ মাচুল দিবলৈ ১৫০০ টকা লৈ আহিছিল, কিন্তু বাটত প্ৰেমিকাক লগ পোৱাত প্ৰেমিকাক পিজ্জা খুৱাবলৈ দোকানলৈ লৈ গৈছিল। কিন্তু, দোকানত অধ্যক্ষক পূজা মেডামৰ সৈতে দেখিছিল আৰু এটা ভিডিঅ’ বনোৱা বুলি উল্লেখ কৰিছিল।
ইফালে, পিছত শিক্ষাৰ্থীজনে দৰ্খান্ত লিখিছে যে, মাচুল ৰেহাই দিয়ক অন্যথা পূজা মেডামৰ সৈতে আপোনাৰ ভিডিঅ’ ৰাজহুৱা কৰিম। অৱশ্যে, এই কথাখিনি ধেমেলীয়া সুৰত লিখিছিল ছাত্ৰজনে।
আনহাতে, দৰ্খাস্তখন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষজনেও ধেমেলীয়া সুৰত ছাত্ৰজনৰ সকলো মাচুল ৰেহাই কৰি দিয়াৰ কথা উল্লখ কৰে।
ইফালে, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দৰ্খাস্তখন বৰ্তমানলৈ কেইবালাখ লোকে লাইক আৰু শ্বেয়াৰ কৰিছে।