ঋষিকেশ-গংগোত্ৰী ঘাইপথৰ নৰেন্দ্ৰনগৰ থানাৰ অন্তৰ্গত তাচলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় এখন তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক। এই দুৰ্ঘটনাত ঘটনাস্থলতে তিনিজন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৬ গৰাকী গুৰুতৰভাৱে আহত হয়।
ঋষিকেশৰ পৰা গংগোত্ৰীলৈ যোৱা ট্ৰাকখনত মুঠ ১৯ জন কাৱঁৰ যাত্ৰী আছিল।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। টিহৰীৰ জিলা দণ্ডাধীশে জনোৱা মতে, নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়। আহত যাত্ৰীসকলক ১০৮ এম্বুলেন্স সেৱাৰ সহায়ত চিকিৎসালয়লৈ লৈ যোৱা হয়।
ইফালে এই দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে গভীৰ শোক প্ৰকাশ কৰি আহতসকলক তাৎক্ষণিক আৰু উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। প্ৰশাসনে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছে যাতে সকলো যাত্ৰীক নিৰাপদে উলিয়াব পৰা যায়।