ফুটবল জগতৰ পৰা আহিছে এটা বেয়া খবৰ। পৰ্তুগীজ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি স্পেইনত গাড়ী দুৰ্ঘটনাত লিভাৰপুলৰ ফৰৱাৰ্ড খেলুৱৈ ডিঅ’গো জোটাৰ মৃত্যু হৈছে। ১৯৯৬ চনৰ ৪ ডিচেম্বৰত পৰ্তুগালৰ পৰ্টো চহৰত জন্মগ্ৰহণ কৰা জোটাৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ২৮ বছৰ।
জানিব পৰা অনুসৰি, এই গাড়ী দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ সময়ত তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাও উপস্থিত আছিল। তেওঁৰো মৃত্যু হৈছে। ছিলভাৰ বয়স আছিল ২৬ বছৰ। জোটাৰ ভাতৃও আছিল এগৰাকী ফুটবল খেলুৱৈ।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, স্পেইনৰ জামোৰা প্ৰদেশত অৱস্থিত এ-৫২ পথত সংঘটিত হৈছে এই হৃদয় বিদাৰক কাণ্ড। মৃত্যুৰ মাত্ৰ এমাহ পূৰ্বে জোটাই তেওঁৰ দীৰ্ঘদিনীয়া সংগী ৰুট্টে কাৰ্ডোছ’ক বিয়া কৰাইছিল। তেওঁলোকৰ আছিল তিনিটা সন্তান।
উল্লেখ্য যে বিগত ছিজনত লিভাৰপুলক প্ৰীমিয়াৰ লীগৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল জোটাই। লিভাৰপুলক চেম্পিয়ন কৰোৱাৰ পূৰ্বে তেওঁ নেশ্যনছ লীগৰ ফাইনেলত পৰ্টুগালক চেম্পিয়ন কৰোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
২০২০ চনৰ ছেপ্টেম্বৰ মাহত জোটাই উলভাৰহামপটন ৱাণ্ডাৰাৰছ এৰি লিভাৰপুলৰ সৈতে ৪ কোটি পাউণ্ডতকৈ অধিক মূল্যত চুক্তিবদ্ধ হৈছিল। এই সময়ছোৱাত তেওঁ ২০২১-২২ বৰ্ষত এফ এ কাপ আৰু লীগ কাপ জয় কৰিবলৈ সক্ষম হয়।