পাষাণ হৃদয়ৰ পিতৃৰ নৃশংস কাণ্ড। এটা টেনিছ কোচিং চেণ্টাৰ চলোৱাৰ বাবেই ৰাধিকা যাদৱ নামৰ সম্ভাৱনাপূৰ্ণ টেনিছ খেলুৱৈক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে। বৃহস্পতিবাৰে দিল্লীৰ সমীপৰ গুৰগাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা।
ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্টত কেইবাটাও খিতাপ দখল কৰা ৰাধিকাক লক্ষ্য কৰি পাঁচ জাই গুলী নিক্ষেপ কৰিছিল আৰু ইয়াৰে তিনিটা গুলীয়ে আঘাত কৰে খেলুৱৈগৰাকীক।
গুৰগাঁৱৰ সুশান্ত লোক-২ স্থিত নিজৰ ঘৰতেই এই ঘটনা সংঘটিত হয়। প্ৰথমাৱস্থাত ৰাধিকা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিসকে তেওঁক মৃত ঘোষণা কৰে।
এই ঘটনা বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ছেক্টৰ ৫৭ৰ এটা বাসগৃহত সংঘটিত হয়। ৰাধিকাই পৰিয়ালসহ ইয়াতে বাস কৰিছিল। অভিযুক্ত পিতৃয়ে অবিৰতভাৱে কন্যা ৰাধিকাৰ ওপৰত গুলীচালনা কৰে। গুৰগাঁৱৰ আৰক্ষীয়ে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰিভলভাৰটোও সেই স্থানৰ পৰা উদ্ধাৰ কৰে।
ৰাধিকা ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল আৰু বহু প্ৰতিযোগিতাত জয়ী হৈছিল। আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (আই টি এফ)ত ডাবলছ টেনিছ খেলুৱৈ হিচাপে ৰাধিকা যাদৱে ১১৩ নম্বৰ স্থান লাভ কৰিছিল। ২০০০ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাধিকা যাদৱে আই টি এফ ডাবলছত শীৰ্ষ ২০০ ৰ ভিতৰত আছিল।
শেহতীয়াকৈ ৰাধিকাই অঞ্চলটোত টেনিছ কোচিং একাডেমী আৰম্ভ কৰে। বহু যুৱক-যুৱতীয়ে ইয়াত কোচিং লৈ আছিল। আৰক্ষীৰ মতে, দীপকে নিজৰ কন্যা ৰাধিকাক এই একাডেমী বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল যদিও ৰাধিকাই পিতৃৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল।
এই সন্দৰ্ভত আজি দুয়োৰে মাজত তৰ্ক-বিতৰ্ক ইমানেই উত্তপ্ত হৈ পৰিল যে পিতৃ দীপকে খঙত ৰাধিকাক গুলীয়াই হত্যা কৰে। এই প্ৰাথমিক তথ্য প্ৰদান কৰে তদন্তকাৰী আৰক্ষীয়ে।