ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় অধিনায়ক শুভমন গিলে সস্তাতে পেভেলিয়নলৈ উভতিলেও তেওঁৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। প্ৰথম দুখন টেষ্টত চমকপ্ৰদ প্ৰদৰ্শন কৰা গিলে তৃতীয় মেচৰ প্ৰথম ইনিংছত মাত্ৰ ১৬ ৰান কৰিবলৈহে সক্ষম হয়।
অতি সাধাৰণ ইনিংছ খেলিলেও গিলে বিৰাট কোহলীৰ নামত থকা এক বিশেষ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ ভূমিত এছিয়ান অধিনায়ক হিচাপে এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কোহলীৰ অভিলেখ ভংগ কৰে গিলে।
২০১৮ চনত কোহলীয়ে এই অভিলেখ গঢ়িছিল। সেই শৃংখলাটোত কোহলীয়ে ৫৯৩ ৰন সংগ্ৰহ কৰি ইতিহাস ৰচিছিল। সেই সময়ত আজাহাৰুদ্দিনৰ নামত থকা ২৮ বছৰীয়া পুৰণি অভিলেখ ভংগ হৈছিল। ১৯৯০ চনত আজাহাৰুদ্দিনে ইংলেণ্ডৰ বিৰুদ্ধে ৪২৬ ৰান সংগ্ৰহ কৰিছিল।
এতিয়া গিলে শৃংখলাটোৰ তৃতীয়খন মেচৰ প্ৰথম ইনিংছত কোহলীৰ এই অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে। ইনিংছটোত গিলে মাত্ৰ ৯ ৰান সংগ্ৰহ কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।
এছিয়ান অধিনায়ক হিচাপে ইংলেণ্ডৰ ভূমিত খেলা টেষ্ট শৃংখলাত ৬০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপেও পৰিগণিত হৈছে গিল। খেলুৱৈ হিচাপে তেওঁ ৰাহুল দ্ৰাবিড়তকৈ এক ৰান পিছ পৰি আছে। ইংলেণ্ডত দ্ৰাবিড়ে এটা ইনিংছত ৬০২ ৰান সংগ্ৰহ কৰিছিল।
ইফালে যদি আমি টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ কথা কওঁ, তেন্তে ইংলেণ্ডত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাত অধিনায়ক হিচাপে ৬০০ ৰানৰ সীমা অতিক্ৰম কৰা মাত্ৰ তৃতীয়গৰাকী অধিনায়ক গিল।