অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে শাসনত অধিষ্ঠিত হৈ থাকিবলৈ এটা ‘বিশেষ সম্প্ৰদায়’ৰ বেদখলক উৎসাহিত আৰু তুষ্টিকৰণ কৰি নিজৰ ৰাজ্যৰ ভৱিষ্যতৰ সৈতে আপোচ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত ভাষিক বিভাজন নাই আৰু তেওঁৰ চৰকাৰে ৰাজ্য আৰু জনসাধাৰণৰ ঐতিহ্য সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি যাব। অসমৰ চৰকাৰে বাংলা ভাষী লোকক ‘ভয়-ভাবুকি’ প্ৰদান কৰা আৰু বিজেপিক ‘বিভাজনকাৰী এজেণ্ডা’ত কাম কৰা বুলি মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে উভতি ধৰে।
মমতা বেনাৰ্জীৰ এই পোষ্টৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘দিদী, মই আপোনাক সোঁৱৰাই দিওঁ – অসমত আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই। আমি নিৰ্ভয়ে সীমান্তৰ সিপাৰৰ পৰা অনিয়ন্ত্ৰিত মুছলমান অনুপ্ৰৱেশক প্ৰতিহত কৰি আছো, যিয়ে ইতিমধ্যে বিপজ্জনক জনগাঁথনিৰ পৰিৱৰ্তন আনিছে।’
তেওঁ লগতে কয় যে বহু জিলাত হিন্দুসকল এতিয়া নিজৰ মাটিতেই সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে। শৰ্মাই দাবী কৰে যে এইটো কোনো ৰাজনৈতিক মন্তব্য নহয় বৰঞ্চ বাস্তৱ, কিয়নো উচ্চতম ন্যায়ালয়ে এনে অনুপ্ৰৱেশক বাহ্যিক আগ্ৰাসন বুলি অভিহিত কৰিছে।
তেওঁ অভিযোগ কৰি কয়, ‘আৰু তাৰ পিছত যেতিয়া আমি আমাৰ মাটি, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ উঠি-পৰি লাগো, তেতিয়া আপুনি ইয়াক ৰাজনীতিকৰণ কৰিবলৈ বাছি লয়।’
ভাষা বা ধৰ্মৰ আধাৰত আমি আমাৰ লোকসকলক বিভাজন নকৰো বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমীয়া, বাংলা, বড়ো, হিন্দী – ইয়াত সকলো ভাষা আৰু সম্প্ৰদায়ৰ সহ-অস্তিত্ব আছে। কিন্তু কোনো সভ্যতাই জীয়াই থাকিব নোৱাৰে, যদিহে নিজৰ সীমা আৰু সাংস্কৃতিক ভেটি ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰে।’
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয় যে আপুনি কেৱল ভোট বেংকৰ স্বাৰ্থত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বেদখলক সমৰ্থন কৰি আছে আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ ক্ষতি কৰি আছে।