সন্দেহযুক্ত লোকৰ বিৰুদ্ধে চলি থকা উচ্ছেদৰ মাজতেই দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আঠজন বাংলাদেশী নাগৰিকক। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাবেই এই বাংলাদেশী লোককেইজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
গ্ৰেপ্তাৰ হোৱা লোককেইজন বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ তাৰেক আলী (২৬), মহম্মদ ৰাবেল (২৫), মহাম্মদ ৰিয়াজ (২২), আব্দুল হামিদ (২২), নাদিম ইছলাম (২৬), দুলাল হক (৩০), মহম্মদ মৰছালিম (২২) আৰু মহম্মদ ছৰিফুল ইছলাম (২৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
এই আটাইকেইজন লোক গুৱাহাটীৰ পৰা যোৱা বুলিও আৰক্ষীয়ে জানিব দিয়ে।
‘নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আমি অভিযান চলাই ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত তেওঁলোকক গ্ৰেপ্তাৰ কৰো। নিজ জন্মভূমিলৈ উভতি যোৱাৰ লক্ষ্যৰে তেওঁলোকে এখন বাহনেৰে এই ঠাইলৈ অহা বুলি সন্দেহ কৰা হৈছে,’ দক্ষিণ শালমাৰাৰ শীৰ্ষ আৰক্ষী বিষয়া হৰেন টকবিয়ে।
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই বাংলাদেশী কেইজনৰ পৰা আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড, ভোটাৰ আই ডি আৰু ড্ৰাইভিং চাইচেঞ্চ জব্দ কৰে।
শীৰ্ষ আৰক্ষী বিষয়া টকবিয়ে লগতে এই লোকসকলৰ বিৰুদ্ধে নিৰ্দিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলিও জনায়।