ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচৰ তৃতীয় দিনা ভাৰতীয় বেগী বলাৰসকলৰ প্ৰদৰ্শনে নিৰাশ কৰি তুলিছে ক্ৰিকেট অনুৰাগীসকলক। মেচখনত দলটোৰ অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শনো আছিল অত্যন্ত হতাশাজনক।
ইংলেণ্ডৰ বেটছমেনে ভাৰতীয় বলাৰসকলক দিশহাৰা কৰি দিনটোৰ শেষলৈকে স্ক’ৰব’ৰ্ডত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰে। তৃতীয় দিনা বুমৰাহে ২৮ অভাৰত ৯৫ ৰান খৰছ কৰি মাত্ৰ এটা উইকেট লাভ কৰে।
খেলখন চলি থকাৰ সময়ত কিছু সময়ৰ বাবে খেলপথাৰ ত্যাগ কৰিছিল বুমৰাহে, যাৰ ফলত তেওঁৰ ফিটনেছক লৈও পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
এই প্ৰদৰ্শন দেখি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে যশপ্ৰীত বুমৰাহে অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে বুলি কাইফে মন্তব্য কৰে।
চলিত টেষ্টৰ তৃতীয় দিনা বুমৰাহে যথেষ্ট লেহেমীয়া গতিত বলিং কৰা বাবেই মহম্মদ কাইফে এই চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে। ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত বল কৰা বুমৰাহে মানচেষ্টাৰ টেষ্টৰ তৃতীয় দিনা বেছিভাগ বল ঘণ্টাত ১৩০-১৩৫ কিলোমিটাৰ বেগত কৰিছিল।
এক্সযোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কাইফে কয় যে তেওঁৰ মতে যশপ্ৰীত বুমৰাহে আগন্তুক টেষ্ট মেচত নেখেলিব পাৰে। আনকি তেওঁ অৱসৰ লোৱাৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে। তেওঁ নিজৰ শৰীৰৰ লগত যুঁজি আছে। এই টেষ্ট মেচখনত তেওঁৰ গতি যথেষ্ট হ্ৰাস পাইছে। বুমৰাহ এজন সৎ ব্যক্তি, যদি তেওঁ অনুভৱ কৰে যে তেওঁ নিজৰ ১০০ শতাংশ দিব পৰা নাই, তেন্তে তেওঁ এই ফৰ্মেটৰ পৰা নিজকে আঁতৰাই ৰাখিব। উইকেট নোপোৱাটো এটা অন্য কথা, কিন্তু তেওঁৰ বলৰ গতিও ঘণ্টাত ১২৫-১৩০ কিলোমিটাৰলৈ হ্ৰাস পাইছে।
কাইফে আৰু কয় যে বুমৰাহৰ এই আবেগক লৈ কোনো সন্দেহ নাই, কিন্তু এতিয়া তেওঁৰ শৰীৰে হাৰ মানিবলৈ আৰম্ভ কৰিছে। চলিত টেষ্টত হোৱা দুৰ্বল প্ৰদৰ্শনে স্পষ্টকৈ দেখুৱাইছে যে ভৱিষ্যতে তেওঁ টেষ্ট মেচ খেলিবলৈ অসুবিধা পাব। হয়তো তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল’ব। বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অশ্বিনৰ পিছত এতিয়া ভাৰতীয় অনুৰাগীয়ে বুমৰাহ অবিহনে খেল চোৱাত অভ্যস্ত হ’ব লাগিব। অৱশ্যে তেওঁৰ ভৱিষ্যদ্বাণী ভুল প্ৰমাণিত হোৱাটো তেওঁ বিচাৰে।