ঘোষণা কৰা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। শুকুৰবাৰে নতুন দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত এক সংবাদমেলৰ জৰিয়তে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰে। ২০২৩ চনত মুক্তি পোৱা ছবি সমূহৰ মাজৰ পৰা নিৰ্বাচিত কৰি এই বঁটা প্ৰদান কৰা হয়।
এইবাৰ ৰাষ্ট্ৰীয় বঁটাত আটাইতকৈ বিশেষ নামটো হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। কাৰণ এয়া তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা। তেওঁৰ লগতে বিক্ৰান্ত মাছিক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।
চাও আহক বিজয়ীৰ সম্পূৰ্ণ তালিকা
শ্ৰেষ্ঠ অভিনেতা- শ্বাহৰুখ খান (জৱান) আৰু বিক্ৰান্ত মাছি (টুৱেল্ভথ ফেইল)
শ্ৰেষ্ঠ অভিনেত্ৰী- ৰাণী মুখাৰ্জী (মিচেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে)
শ্ৰেষ্ঠ হিন্দী ছবি- কটহল- এ জেকফ্ৰুট মিষ্ট্ৰী
শ্ৰেষ্ঠ ফিচাৰ ছবি- টুৱেল্ভথ ফেইল
শ্ৰেষ্ঠ পৰিচালনা- দ্যা কেৰালা ষ্টৰি (সুদিপ্তো সেন)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী- দ্যা কেৰালা ষ্টৰি
শ্ৰেষ্ঠ নৃত্য পৰিচালনা- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী (ধিণ্ডোৰা বাজে ৰে)
শ্ৰেষ্ঠ জনপ্ৰিয় ছবি- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী
শ্ৰেষ্ঠ মেকআপ আৰু কষ্টিউম ডিজাইনাৰ- ছেম বাহাদুৰ
শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা- শিল্পা ৰাও (ছালিয়া, জৱান)
শ্ৰেষ্ঠ পুৰুষ গায়ক- প্ৰেমিষ্টুন্না (বেবী, তেলেগু)
স্পেচিয়েল মেঞ্চন- এনিমেল (ৰি-ৰেকৰ্ডিং মিক্সাৰ)- এম আৰ ৰাধাকৃষ্ণন
শ্ৰেষ্ঠ শব্দ ডিজাইন- এনিমেল (হিন্দী)
শ্ৰেষ্ঠ তেলেগু ছবি- ভগৱন্ত কেছৰি
শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক- উৎপল দত্ত (অসম)
শ্ৰেষ্ঠ গুজৰাটী চলচ্চিত্ৰ- ৱশ
শ্ৰেষ্ঠ তামিল ছবি- পাৰ্কিং
শ্ৰেষ্ঠ কানাড়া ছবি- দ্যা ৰে অৱ হোপ
শ্ৰেষ্ঠ একচন পৰিচালনা- হনু-মেন (তেলেগু)
শ্ৰেষ্ঠ গীত- বলগাম (দ্যা গ্ৰুপ)- তেলেগু