উদ্যোগপতি তথা ৰিলায়েন্স ধীৰুভাই আম্বানী গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ বিৰুদ্ধে এখন লুক আউট চাৰ্কুলাৰ (loc) জাৰি কৰা হৈছে। তদন্তকাৰী সংস্থা ইডিয়ে তেওঁক সোধা-পোছাৰ বাবে ৫ আগষ্টত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগত অনিল আম্বানীলৈ ইডিয়ে চমন প্ৰেৰণ কৰিছে। ৫ আগষ্টত দিল্লীস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে অনিল আম্বানীক।
বিগত সপ্তাহত ইডিয়ে ৰিলায়েন্স গ্ৰুপৰ সৈতে জড়িত মুম্বাইৰ প্ৰায় ৩৫টা স্থানত অভিযান চলাইছিল, য’ত ৫০টা কোম্পানী আৰু ২৫জন লোক জড়িত আছিল। এই তদন্ত ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত কৰা হৈছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, ৬৬ বছৰীয়া আম্বানীক দিল্লীস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে কাৰণ তাতেই তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে।
ৰিলায়েন্স গ্ৰুপৰ কোম্পানীসমূহে বেংকৰ পৰা লোৱা ঋণৰ অপব্যৱহাৰ আৰু বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ সৈতে জড়িত গোচৰত এই চমন প্ৰেৰণ কৰা বুলি সন্দেহ কৰা হৈছে।