চলিত বৰ্ষৰ শেষৰ ফালে প্ৰচাৰমূলক ভ্ৰমণৰ বাবে ভাৰতলৈ আহিব কিম্বদন্তী ফুটবলাৰ লিঅ’নেল মেছি। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে এই ভ্ৰমণৰ সময়তে ভাৰতীয় ক্ৰিকেট তাৰকাৰ সৈতে এখন ক্ৰিকেট মেচত অংশ ল’ব বুলি বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।
পদ শিল্পৰ যাদুকৰৰূপে খ্যাত মেছিয়ে চলিত বৰ্ষৰ ১৩-১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ আগশাৰীৰ তিনিখন চহৰ ক্ৰমে নতুন দিল্লী, কলকাতা, মুম্বাইৰ দৰে চহৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
কোনো নিৰ্দিষ্ট কৰ্তৃপক্ষই আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও ভাৰতৰ একাধিক সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে ২০২৫ চনৰ ১৪ ডিচেম্বৰৰ বাবে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম ৰিজাৰ্ভ কৰিবলৈ সাজু হৈছে।
খবৰ অনুসৰি লিঅ’নেল মেছিয়ে তেওঁৰ প্ৰচাৰমূলক ভ্ৰমণৰ অংশ হিচাপে মুম্বাইৰ আইকনিক ষ্টেডিয়ামত প্ৰাক্তন আৰু বৰ্তমানৰ একাংশ ক্ৰিকেটাৰৰ সৈতে এখন ক্ৰিকেট মেচত অংশ ল’ব। অৱশ্যে মেছিৰ সৈতে কোন তাৰকা ক্ৰিকেটাৰে মেচখনত অংশ ল’ব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।
উল্লেখ্য যে মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনৰ ছেপ্টেম্বৰ মাহত কলকাতাত ভেনিজুৱেলাৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডৰ মেচ খেলিবলৈ ভাৰত ভ্ৰমণ কৰিছিল।