জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। দুয়োপক্ষৰ মাজত চলা এনকাউণ্টাৰত দুৰ্ভাগ্যজনকভাৱে শ্বহীদ হয় ভাৰতীয় সেনাৰ এজন জোৱান। ভাৰতীয় সেনাই বুধবাৰে এই কথা জনায়।
নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি কিছু দিন পূৰ্বে সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা জানিব পাৰি কুপৱাড়া জিলাৰ লৌলাব অঞ্চলত সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰম্ভ কৰে।
মঙলবাৰে নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলোৱাৰ সময়ত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয়। গোটেই নিশা চলা এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান শ্বহীদ হয়।
সেনাৰ তৰফৰ পৰা জনোৱা হয় যে এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱানজনক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয় যদিও পিছত তেওঁৰ মৃত্যু হয়। অঞ্চলটোত এতিয়াও অভিযান চলাই থকা হৈছে।