কিছুদিনৰ পৰা বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কত বিচ্ছেদ ঘটিছে। এতিয়া ইয়াৰ প্ৰভাৱ আমদানিৰ ওপৰতো দেখা গৈছে।
উত্তেজিত সম্পৰ্কৰ বাবে ভাৰতে পুনৰবাৰ বাংলাদেশৰ পৰা স্থলপথেৰে আমদানি কৰা আৰু কিছু পাটৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পিছত আৰু অধিক পাটৰ সামগ্ৰী নিষিদ্ধ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ অধিসূচনা অনুসৰি, কেৱল স্থলপথেৰেহে পাটৰ কিছুমান সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰা হৈছে। এই সামগ্ৰীসমূহ নৱা শ্বেভা বন্দৰৰ জৰিয়তে আমদানি কৰিব পৰা যাব।
এই অধিসূচনা অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ কোনো স্থল বন্দৰৰ পৰা বাংলাদেশৰ পৰা আমদানিৰ অনুমতি দিয়া নহ’ব। স্থলপথেৰে আমদানি কৰাত নিষিদ্ধ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে পাট বা অন্যান্য কাপোৰৰ বাষ্ট ফাইবাৰৰ ব্লিচড আৰু অব্লিচড বোৱা কাপোৰ, টুইন, কৰ্ড, পাটৰ ৰছী আৰু পাটৰ বস্তা আৰু বেগ।
ইয়াৰ পূৰ্বে ২৭ জুনত ভাৰতে বাংলাদেশৰ পৰা সকলো স্থলপথেৰে কিছুমান পাটৰ সামগ্ৰী আৰু বোৱা কাপোৰ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে এই আমদানি এতিয়াও মহাৰাষ্ট্ৰৰ নৱা শ্বেভা বন্দৰৰ জৰিয়তেহে কৰিব পৰা যায়। এপ্ৰিল আৰু মে’ মাহতো ভাৰতে বাংলাদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত একেধৰণৰ বাধা ঘোষণা কৰিছিল।
১৭ মে’ত ভাৰতে চুবুৰীয়া দেশৰ পৰা ৰেডিমেড গাৰ্মেণ্ট আৰু প্ৰচেছড খাদ্যৰ দৰে কিছুমান সামগ্ৰী আমদানি কৰাত বন্দৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ৯ এপ্ৰিলত ভাৰতে মধ্যপ্ৰাচ্য, ইউৰোপ আৰু নেপাল আৰু ভূটানৰ বাহিৰে আন কেইবাখনো দেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানিৰ বাবে বাংলাদেশক দিয়া ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চীনত দিয়া বিতৰ্কিত বক্তব্যৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছৰে পৰা বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ ওপৰত আক্ৰমণৰ ঘটনা চৰ্চালৈ আহিছে। যাৰ ওপৰত ভাৰতে ধাৰাবাহিকভাৱে মন্তব্য কৰি আহিছে। সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ ওপৰত কৰা আক্রমণ বন্ধ কৰাত ইউনুছে ব্যর্থ হোৱাৰ পাছতে ভাৰত-বাংলাদেশৰ সম্পর্কত বিভাজনৰ সৃষ্টি হৈছে৷ বস্ত্ৰ খণ্ডত বাংলাদেশ ভাৰতৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। ২০২৩-২৪ চনত ভাৰত-বাংলাদেশৰ বাণিজ্যৰ মূল্য আছিল ১২.৯ বিলিয়ন মাৰ্কিন ডলাৰ। ২০২৪-২৫ চনত ভাৰতৰ ৰপ্তানি ১১.৪৬ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ বিপৰীতে আমদানি হ’ব ২ বিলিয়ন মাৰ্কিন ডলাৰ।