আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটে গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ সিদ্ধান্তৰ ভিতৰত আছে চাৰিটা নতুন ছেমিকণ্ডাক্টৰ প্ৰজেক্ট। ওড়িশা, পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত স্থাপন হ’বলগীয়া এই ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ বাবে ৪৫৯৪ কোটি টকা ধাৰ্য কৰা হৈছে।
ইফালে লক্ষ্ণৌ মেট্ৰ’ৰ ফেজ ১ বিৰ বাবে ৫৮০১ কোটি টকা অনুমোদন দিয়া হৈছে। টাটো-II জলবিদ্যুৎ প্ৰকল্পৰ ৭০০ মেগাৱাটৰো অনুমোদন জনোৱা হয়। ইয়াৰ বাবে ৮১৪৬ কোটি টকা ব্যয় কৰা হ’ব।
কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘৪টা নতুন ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে। ইতিমধ্যে এনেধৰণৰ ৬টা প্ৰকল্পৰ অনুমোদন দিয়া হৈছে আৰু আজি ইয়াত চাৰিটা নতুন প্ৰকল্প সংযোজন কৰা হৈছে। এইবোৰ ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু পঞ্জাৱত, য’ত ৪৫৯৪ কোটি টকা বিনিয়োগ হ’ব।’
তেওঁ লগতে কয় যে লক্ষ্ণৌ এখন ডাঙৰ চহৰ। ইয়াত মেট্ৰ’ৰ অতি প্ৰয়োজন, গতিকে লক্ষ্ণৌ মেট্ৰ’ৰ ফেজ ১ বিত ৫৮০১ কোটি টকাৰ বিনিয়োগেৰে অনুমোদন জনোৱা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ মতে ভাৰতে শীঘ্ৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ বজাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে দেওবাৰে (১০ আগষ্ট, ২০২৫) কয় যে ২০২৩ চনত ভাৰতৰ ছেমিকণ্ডাক্টৰ বজাৰ প্ৰায় ৩৮ বিলিয়ন ডলাৰ আছিল। ২০২৪-২৫ চনৰ ভিতৰত ই ৪৫ৰ পৰা ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।