ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ পিছত এইবাৰ আন এখন দেশৰ ৰাষ্ট্ৰপতিয়ে ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বাৰ্তালাপ কৰে। শেহতীয়াকৈ উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিঅ’য়েভে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে আলোচনাত মিলিত হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই সামাজিক মাধ্যম এক্সযোগে এই কথা ৰাজহুৱা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিঅ’য়েভৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা হয়। তেওঁ আৰু কয় যে এই আলোচনা কালত দ্বিপাক্ষিক সহযোগিতাৰ মূল ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে এই কথা-বতৰাত ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ সংকল্প পুনৰবাৰ উল্লেখ কৰা হৈছে।
উল্লেখ্য যে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই আলোচনা অতি গুৰুত্বপূৰ্ণ। যোৱা বছৰ অৰ্থাত ২০২৪ চনত উজবেকিস্তানে ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। তেতিয়া উজবেকিস্তানে ভাৰতৰ বাবে ই-ভিছা নীতি অতি সহজ কৰি তুলিছিল। এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় পৰ্যটকসকল অধিক লাভান্বিত হৈছিল।











