হিমাচল প্ৰদেশৰ কুল্লু জিলাত ২টাকৈ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। প্ৰথমটো ঘটনা বঠাহড় ক্ষেত্ৰ আৰু দ্বিতীয়টো ঘটনা শ্ৰীখণ্ড মহাদেৱ ভীম ডবাৰী এলেকাত ওখ পাহাৰৰ মাজত সংঘটিত হয়।
শ্ৰীখণ্ড মহাদেৱ পাহাৰত ডাৱৰ বিস্ফোৰণৰ ফলত কুৰ্পন খড্ডত বানপানীৰ সৃষ্টি হয়। বৰ্তমান এই পৰিস্থিতিলৈম লক্ষ্য কৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধিৰ বাবে বাগীপুৰ বজাৰ সম্পূৰ্ণৰূপে খালী কৰা হৈছে। প্ৰশাসনে লাখ টকাৰ লোকচানৰ প্ৰতি লক্ষ্য ৰাখি এই অনুমান কৰিছে।
বঞ্জাৰৰ তীৰ্থন নদীত ডাৱৰ ফাটি যোৱাৰ ফলত বাঠাধৰ অঞ্চলত চাৰিটা কটেজ আৰু তিনিৰ পৰা চাৰিখন বাহন উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। আনহাতে বাগীপুলৰ গানভিৰ দলংখন পানীত বুৰ গৈছে, বহু দোকান-পোহাৰ আৰু ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে। গানৱী বাছ ষ্টেণ্ডত বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালকৈ ছয়খনতকৈও অধিক দোকান আৰু ঘৰত ৰখা সামগ্ৰীসমূহ ধ্বংস হৈছে।
ইফালে আকৌ আনন-ফাননত উদ্ধাৰ অভিযানো আৰম্ভ কৰিছে জিলা প্ৰশাসনে। বঞ্জাৰৰ বিধায়ক সুৰেন্দ্ৰ শৌৰী কয় যে, ডোগৰা বান্ধো ভাঙি গৈছে। কেইবাখনো গাঁৱৰ পৰা ইতিমধ্যে সহায়ৰ বাবে তেওঁলৈ সহায়ৰ বাবে যোগাযোগ কৰিছে।